ETV Bharat / state

Pistol Seized: মৰিগাঁৱত মাৰণাস্ত্ৰসহ দুজনক আটক - আৰক্ষী থানাত গোচৰ পঞ্জীয়ন

মৰিগাঁও আৰক্ষী আৰু এছ টি এফৰ যুটীয়া অভিযানত সজীৱ গুলী, মাৰণাস্ত্ৰসহ আটক দুজন ৷

Pistol Seized in Morigaon
মৰিগাঁৱত মাৰণাস্ত্ৰসহ দুজনক আটক
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 8:16 PM IST

মৰিগাঁও, 5 অক্টোবৰ : উজনিৰ পৰা নামনি অসমলৈ অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ কেন্দ্ৰবিন্দুলৈ পৰিণত হৈছে মধ্য অসম ৷ নগাঁও জিলাত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰৰ পিচতে এইবাৰ বুধবাৰে নিশা মৰিগাঁও আৰক্ষী আৰু এছ টি এফৰ যুটীয়া অভিযানত সজীৱ গুলী, মাৰণাস্ত্ৰসহ দুজনক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন দুই অভিযুক্ত ক্ৰমে আফাজল হক আৰু ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।

জানিব পৰামতে, মৰিগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত বুধবাৰৰ নিশা মৰিগাঁৱৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত পটুৱাকাটাত কৰ্মচাৰী, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো আৰু বিশেষ অভিযান চলাই আফাজুল হক আৰু হাবেজ আলীৰ ঘৰত তালাচী অভিযান চলায়। এই অভিযানত মূল অভিযুক্ত আফাজুল হকৰ ঘৰৰ চৌহদৰ পৰা এটা এয়াৰ পিষ্টল, .22 পিষ্টলৰ 36 টা সজীৱ গুলী আদি উদ্ধাৰ কৰে।

অভিযানকাৰী দলটোৱে অবৈধভাৱে ৰখা বন্দুক-বাৰুদখিনি জব্দ কৰি দুই অভিযুক্তক তদন্ত অব্যাহত ৰাখিছে । আটক কৰা দুই অভিযুক্তৰ বিৰুদ্ধে স্থানীয় লাহৰিঘাট আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰা হৈছে ৷

উল্লেখ্য যে, যোৱা 2 অক্টোবৰত পুনৰ নগাঁৱত মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত পৰিছিল এজন লোক । নগাঁৱৰ ধিঙত এটা 7.56 পিষ্টলসহ কুটুম কুমাৰ নাথ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । লোকজন অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা বুলিও সন্দেহ প্ৰকাশ কৰিছিল আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ পম খেদি নিজ বাসগৃহৰ পৰা ধিং আৰক্ষীয়ে মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছিল কুটুমক । ঘটনা সন্দৰ্ভত ধিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Illegal pistol seized: ধিঙত অবৈধ পিষ্টলসহ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.