ETV Bharat / state

তবলিগ-ই-জামাতত অংশগ্ৰহণকাৰীয়ে বৃদ্ধি কৰিছে কৰ'ণাৰ আতংক !

দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজত তবলিগ-ই-জামাতৰ ধৰ্মীয় অনুষ্ঠানত অংশ লোৱা বহুকেইজন লোক মাৰাত্মক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা বহু আক্ৰান্ত লোকৰ ইতিমধ্যে কাশ্মীৰ, তেলেংগানত মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে । উক্ত অনুষ্ঠানত অসমৰ শতাধিক লোকে অংশগ্ৰহণ কৰাৰ খৱৰ লাভ কৰা হৈছে । এতিয়া এই সকলৰ কিমান কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে তাৰ সঠিক তথ্য নাই স্বাস্থ্য বিভাগৰ হাতত।

corona virus latest news
corona virus latest news
author img

By

Published : Mar 31, 2020, 7:43 PM IST

শিৱসাগৰ,মৰিগাঁও, 31 মাৰ্চ : শিৱসাগৰৰো ৫০ জন লোক গৈছিল ধৰ্মীয় অনুষ্ঠানটোলৈ ৷ বৰ্তমান তেওঁলোক উত্তৰ প্ৰদেশৰ চাহৰানপুৰ আৰু জালালপুৰত আবদ্ধ হৈ আছে বুলি শিৱসাগৰৰ হজ কমিটিৰ সদস্যৰ পৰা জানিব পৰা গৈছে।এই সকল লোকক লৈ শংকিত হৈ পৰিছে ৰাইজ । সৰ্বোচ্চ স্বাস্থ্য পৰীক্ষা কৰাৰ অবিহনে উক্ত ধৰ্মীয় অনুষ্ঠানত অংশ লোৱা লোকক নিজৰ ঘৰলৈ আহিব নিদিয়াৰ পোষকতা কৰিছে ৰাইজে ।

তবলিগ-ই-জামাতত অংশগ্ৰহণকাৰীয়ে বৃদ্ধি কৰিছে কৰ'ণাৰ আতংক

দিল্লীৰ নিজামুদ্দিন দৰগাহত তবলিগ-ই-জামাতলৈ যোৱা লোকসকলৰ মাজকত আছিল মৰিগাঁৱৰো একাংশ লোক । সেই সন্দৰ্ভত অসম শ্বুৰা জামাতৰ বিষয়ববীয়া চামছুল আলমৰে সৈতে হোৱা ইটিভি ভাৰতৰ এটা সাক্ষাৎকাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ অসমৰ সদস্য সকল বৰ্তমানলৈকে কৰ'ণাত আক্ৰান্ত হোৱা নাই বুলি সদৰী কৰে চামছুল আলমে । চৰকাৰে স্বাস্থ্য বিভাগৰ দ্বাৰা তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি আছে । আনহাতে সদস্য সকলৰে সঘনে যোগাযোগ চলি আছে বুলিও জনায় আলমে ৷ মৰিগাঁও জিলা প্ৰশাসনৰ উপায়ুক্ত ঋতু ৰাজ বৰা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই যোৱা নিশা ভূৰাগাঁৱৰ পৰিদৰ্শন বাংলোত মিলিত হৈ চামছুল আলমক কিছু দায়িত্ব অৰ্পণ কৰে বুলি সদৰী কৰে ।

অসম শ্বুৰা জামাতৰ বিষয়ববীয়া চামছুল আলমৰে সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

যোৱা 13 মাৰ্চ পৰা 15 মাৰ্চলৈ দিল্লীৰ হজৰত নিজামুদ্দিন তবলিগ-ই-জামাতৰ ধৰ্মীয় অনুস্থানত অংশগ্ৰহণ কৰা লোকসকলৰ যদি কোনো লোক অসমত আহি আছে অতি শীঘ্ৰে ওচৰৰ চিকিৎসালয়ত পৰীক্ষা কৰিবলৈ অথবা অসম চৰকাৰৰ হেল্পলাইন 104 ত যোগাযোগ কৰি বিভাগীয় কৰ্তৃপক্ষক জনাবৰ বাবে আহ্বান জনালে সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্র পৰিষদে । উল্লেখ‍্য পৰিষদৰ সম্পাদক আৰু সভাপতি ক্ৰমে মইনুল হক আৰু আশ্ৰফ আলীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেৰে এই আহ্বান জনাই ।

corona virus latest news
সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্র পৰিষদৰ জাননী

লগতে পঢ়ক : লখিমপুৰৰ পাঁচজন লোক কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.