মৰিগাঁও, 23 অক্টোবৰ : এতিয়া শৰৎ কাল ৷ শৰৎ মানেই দুৱৰিৰ দলিচাত নিয়ৰ সৰাৰ বতৰ ৷ শৰতে নিৰ্মল কৰে ধৰণী ৷ বাৰিষা বাউলী হৈ দুয়োপাৰ খহোৱা নৈ খনো শান্ত-সমাহিত আৰু নিৰ্মল হৈ পৰে এই শৰতত ৷ চেঁচা বতাহে পুৱা-গধুলি শিহঁৰিত কৰে দেহ-মন ৷
শৰতে বতৰা আনে শীতৰ ৷ কাতিৰ মাজ ভাগৰ পৰাই লাহে লাহে আৰম্ভ হয় শীত ৷ ঠেঁটুৱৈ লগা জাৰৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে সহায় লয় উমাল কাপোৰৰ ৷ শীত আহিলেই বিশেষকৈ গ্ৰাম্যাঞ্চলত দেখা যায় একাংশ বিশেষ লোকক ৷ চাইকেল এটা তুলাৰ বস্তা, এখন ধনু আৰু দুডাল মান এচাৰি লৈ গাঁৱে গাঁৱে ঘূৰি ফুৰে ৷ ধনুৰ গুণ ডালত ভৰিৰ গোৰোহাটো ঘঁহাই এটা বিশেষ শব্দ কৰে ৷ তেতিয়াই মানুহে গম পায় যে, লেপ-তুলি বনোৱা মানুহ আহিছে ৷
লেপ-তুলিৰ স্থায়ী বিক্ৰী প্ৰতিষ্ঠানক বাদ দিলে, এই লোক সকলৰ জীৱিকাৰ মূল সময় হৈছে এই শীত কালচোৱা ৷ এই কেইটা দিনতেই তেওঁলোকে উপাৰ্জন কৰে বছৰটোৰ বাবে ৷ শীতক সাৰথি কৰিয়েই চলে তেওঁলোকৰ জীৱিকা ৷ পুৱাই গাঁৱে গাঁৱে চাইকেল লৈ আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ শীত নিবাৰণৰ দিহা কৰে এওঁলোকে ।
লগতে পঢ়ক : ডাটা সুৰক্ষা বিধেয়কক লৈ গুগুল টুইটাৰক চমণ বিধেয়ক পেনেলৰ