মৰিগাঁও,14 মাৰ্চ: দেওবাৰে মৰিগাঁও জিলাত জিলা প্ৰশাসনৰ মুৰব্বী হিচাপে আইএএছ সীমাৰেখা ভূঞা আৰু অতিৰিক্ত উপায়ুক্ত হিচাপে হানিফ নুৰাণিয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ নৱ নিযুক্ত উপায়ুক্ত গৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিয়ে প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত খবৰ লয় ।
![new dc joining at morigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-14-mr-newdc-rtu-803-vis-img-bt-as10005_14032021214723_1403f_1615738643_419.jpg)
বৈঠকত উপস্থিত থাকে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত হানিফ নুৰাণি, নিৰ্বাচনী বিষয়া দীপময় ঠাকুৰীয়া, চক্ৰ বিষয়া আৰু আয়ুক্তসকল ।
লগতে পঢ়ক : সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ