মৰিগাঁও, 10 এপ্ৰিল : ক্ৰীড়াৰ ক্ষেত্ৰত উজলিবলৈ ধৰিছে অসমৰ ইজনৰ পিচকত সিজন খেলুৱৈ ৷ মুখ্যমন্ত্ৰীয়ে ক্ৰীড়াৰ জগতখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম সন্নিৱিষ্ট কৰাৰ যি পৰিকল্পনা গ্ৰহণ কৰিছে তাৰ পিছৰে পৰাই ৰাজ্যখনৰ বিভিন্ন জিলাত ক্ৰীড়াভিত্তিক পৰিৱেশ গঢ় লৈ উঠা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ অসমৰ নাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাবলৈ সক্ষম হৈছে অসমৰ সুযোগ্য সন্তান মৰিগাঁও নিবাসী সত্যজিৎ বৰদলৈয়ে (National football player from Assam) ৷
সাত সাগৰ তেৰ নদীৰ সিপাৰে চৌদি আৰৱত কৰ্ণাটকক চেম্পিয়নৰ খিতাপ উপহাৰ দি দেওবাৰে প্ৰথমবাৰৰ বাবে স্বগৃহত উপস্থিত হয় অসম সন্তান তথা ৰাষ্ট্ৰীয় ফুটবলাৰ সত্যজিৎ বৰদলৈ । আপোন ল’ৰাজনে বিদেশত ফুটবলৰ জৰিয়তে অসমৰ নাম উজলাবলৈ সক্ষম হয় ৷ তাকে লৈ উৎফুল্লিত সত্যজিতৰ গাঁওবাসীয়ে দেওবাৰে তেওঁক জনালে বিপুল আদৰণি । চৌদি আৰৱত অনুষ্ঠিত ফুটবল গেমত কৰ্ণাটক ফুটবল একাদশৰ হৈ গ’লকীপাৰ হিচাপে খেলিছিল সত্যজিৎ বৰদলৈয়ে (Satyajit Bordoloi played as a goalkeeper) ।
মৰিগাঁৱৰ এটা জনজাতীয় এলেকাৰ পৰা গৈ কৰ্ণাটকৰ ফুটবল একাদশক নেতৃত্ব প্ৰদান কৰি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ চৌদি আৰৱত দুভৰি যাদুৰে সুন্দৰভাৱে প্ৰতিপক্ষৰ প্ৰতিটো প্ৰত্যাহ্বানক ওফৰাবলৈ সক্ষম হয় সত্যজিৎ ৷ নিজৰ খেলৰ চমকেৰে কৰ্ণাটকৰ লগতে সমগ্ৰ ফুটবল প্ৰেমীৰে আপোন হৈ পৰা সত্যজিৎ দেওবাৰে স্বগৃহলৈ উভতি অহাৰ বাতৰি লাভ কৰি সমগ্ৰ ঔজাৰি বাসী চহা গ্ৰাম্য সমাজখন উৎফুল্লিত হৈ পৰে । ঢোল-পেঁপা, তাল, দবা-নাগাৰা, গায়ন-বায়নৰ দলৈ গীত নৃত্য প্ৰদৰ্শন কৰি বহুকেইখন গাড়ীয়ে আদৰি আনি ঔজাৰি ন জোৱান সংঘৰ বাকৰিত গামোচা, জাপি, শৰাই, প্ৰশস্তি পত্ৰৰে আদৰণি জনাই তেওঁলোকে সত্যজিতক ।
ঔজাৰি ৰাইজৰ বিপুল সঁহাৰি আৰু আদৰণি গ্ৰহণ কৰি অসম সন্তান তথা ৰাষ্ট্ৰীয় ফুটবলাৰ গৰাকীয়ে কয় যে, মোৰ গাঁৱৰ লগতে অসমীয়া ৰাইজৰ যি সহযোগিতা লাভ কৰিছো সেই অভূতপূৰ্ব । আনহাতে, সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে, যদিও অসম দলত সত্যজিতে স্থান লাভ নকৰিলে তথাপিও কৰ্ণাটক ফুটবল দলক নেতৃত্ব দিবলৈ পাই তেওঁ অতিশয় সুখী । তেওঁ লগতে কয় যে, ইমানেই মানুহৰ সমৰ্থন আছে বুলি তেওঁ গম পোৱা নাছিল । ইমান দূৰৰ পৰা গৈ গাঁৱৰ মানুহে আদৰি আনিছে, তাকে দেখি আৱেগিক হৈ পৰিছে সত্যজিৎ বৰদলৈ (Satyajit played santosh trophy in Saudi arab) ।
অনুভৱ ব্যক্ত কৰি তেওঁ কয়, ‘‘নিশ্চিতভাৱে অসমৰ দলত স্থান পোৱা হ’লে হয়তু ইয়াতকৈ আৰু অধিক সমৰ্থন পালোহেঁতেন । বহুত সুখী হৈছো আজি’’ । দৰাচলতে চৌদি আৰৱত অনুষ্ঠিত সন্তোষ ট্ৰফীত কৰ্ণাটকৰ গ’লৰক্ষক ৰূপে নিজৰ নাম ফুটবল ইতিহাসত লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱা অসম সন্তান সত্যজিৎ বৰদলৈয়ে অসম দলত নিৰ্বাচিত নোহোৱাক লৈ সচেতন মহলত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে (santosh trophy football competition) । সুদূৰ আৰৱত অনুষ্ঠিত হোৱা সন্তোষ ট্ৰফীত কৰ্ণাটকলৈ চেম্পিয়ন খিতাপ আজুৰি আনি তথা অসমৰ নাম উজলাবলৈ সক্ষম হোৱা এইগৰাকী প্ৰতিভাৱান খেলুৱৈক অসম চৰকাৰ তথা অসম ফুটবল সন্থাই কেনেদৰে আগবঢ়াই নিব নে তেওঁ আকৌ উপেক্ষিত হৈ ৰ’ব সেইয়া এতিয়া এক লাখটকীয়া প্ৰশ্ন হৈ পৰিছে !
লগতে পঢ়ক : Boxer Lovlina Borgohain in Nainital: হঠাৎ কিয় নাইনিতাললৈ গ’ল লাভলীনা ?