ETV Bharat / state

Preventing erosion: বানতকৈয়ো গৰাখহনীয়াক লৈ ভীতিগ্ৰস্ত মৰিগাঁওবাসী

author img

By

Published : Jun 30, 2023, 9:39 PM IST

মৰিগাঁও জিলাৰ বাবে বানতকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ সমস্যা অধিক ভয়াৱহ । বছৰটো চলি থকা এই খহনীয়াই হাজাৰ হাজাৰ হেক্টৰ খেতি মাটি উছন কৰিছে ৷

Pradyut Bordoloi
মৰিগাঁওবাসীক প্ৰদ্যুৎ বৰদলৈৰ আশ্বাস
মৰিগাঁওবাসীক প্ৰদ্যুৎ বৰদলৈৰ আশ্বাস

মৰিগাঁও, 30 জুন : মৰিগাঁওবাসী ৰাইজৰ বিলৈ ৷ বানপানী আহিলে এসপ্তাহ দহ দিনত শুকাই যায়, কিন্তু খহনীয়া‌ বছৰটো ধৰি চলি থাকে । খহনীয়াৰ ফলত হাজাৰ হাজাৰ হেক্টৰ খেতি মাটি ইতিমধ্যেই উছন হৈছে । ৰজা মায়ঙৰ কুৰিখনতকৈ অধিক ৰাজহ গাঁও নিঃচিহ্ন হোৱাৰ নিচিনাকৈ সমগ্ৰ মৰিগাঁৱৰ উত্তৰ অঞ্চলত যিদৰে গৰাখহনীয়া হৈছে, সেই সমূহ অঞ্চলো নিঃচিহ্ন হোৱাৰ দিশে ৷ ইতিমধ্যেই ভীতিগ্ৰস্ত হৈ সেই অঞ্চলসমূহৰ বাসিন্দাসকল স্থানান্তৰিত হৈছে ৷

শুকুৰবাৰে মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাগৃহত অনুষ্ঠিত জিলা পৰ্য্যালোচনা সভাত উপস্থিত থাকে সাংসদ প্ৰদ্যুৎ বৰদলৈ । সাংসদ প্ৰদুৎ বৰদলৈয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত বহু খুটি-নাতি থকাৰ কথা প্ৰকাশ কৰাৰ লগতে নিৰ্বাচন আয়োগক শাসকীয় দলৰ ৰাজনৈতিক হাতিয়াৰ নহ’বলৈ আহ্বান জনায় ৷ সাংসদগৰাকীয়ে সমষ্টি পুনৰ গঠনৰ সন্দৰ্ভত শাসকীয় দলৰ নেতা-কৰ্মীসকলে শুৱনি কোঠাত বহি এই খচৰা প্ৰস্তুত কৰিছে বুলি মন্তব্য কৰে । নগাঁৱৰ সাংসদ গৰাকীয়ে ভাৰতীয় নিৰ্বাচন আয়োগৰ ওচৰত আশ্বাস আৰু বিশ্বাস থকা বুলি উল্লেখ কৰি আসোঁৱাহ থকা সমষ্টিৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে ।

আনহাতে এই জিলা পৰ্য্যালোচনা সভাত মৰিগাঁও জিলাৰ বান আৰু গৰাখহনীয়া সন্দৰ্ভত বেছিকৈ আলোচনা কৰা হয় বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ মৰিগাঁৱৰ খহনীয়া ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও আঁচনিৰ কথাও তেওঁ জনসাধাৰণক জানিবলৈ দিয়ে ৷ সমগ্ৰ মৰিগাঁও জিলাখনকে উন্নয়নৰ গতিলৈ লৈ যোৱাৰ তেওঁ পৰিকল্পনা আছে বুলিও জানিবলৈ দিয়ে ৷ মৰিগাঁও জিলাত বান আৰু গৰাখহনীয়াৰ কাম কৰিবৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ তৰফৰ পৰা সাংসদগৰাকীৰ প্ৰচেষ্টাত এটা বৃহৎ প্ৰকল্পৰ কাম হ’ব বুলি সদৰি কৰে তেওঁ ।

লগতে পঢ়ক : Constituency delimitation: শিৱসাগৰত বিৰোধী ঐক্যৰ সংবাদমেল; সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে তৰিব গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.