ETV Bharat / state

মৰিগাঁৱত আটক চোৰাংচিকাৰীৰ দলৰ মাষ্টাৰ মাইণ্ড - চোৰাংচিকাৰী

বন্যজন্তু সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু মৰিগাঁও আৰক্ষী । ৰিগাঁৱৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই সদৰী কৰে এই তথ্য ।

Morigaon wild life sanctuary
মৰিগাঁৱত আটক চোৰাংচিকাৰীৰ দলৰ মাষ্টাৰ মাইণ্ড
author img

By

Published : Jul 24, 2020, 2:55 PM IST

মৰিগাঁও, 24 জুলাই : একেধাৰে চাৰিটা বানপানীৰ কবলত পৰা এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যত বৰ্তমান চোৰাং চিকাৰী দৌৰাত্ম্য । বানপানীৰ গইনাৰে তিনিটাকৈ বনৰীয়া ম'হ ধৰি জীৱন্তে দুটা বিক্ৰী কৰিছে চোৰাং চিকাৰীয়ে। আন এটা ম'হ জংঘলৰ মাজত কাটি মাংস বিক্ৰীৰ বাবে যো জা চলাইছিল চোৰাং চিকাৰীয়ে । চোৰাং চিকাৰীৰ দলটোৱে বানপানীৰ সময়চোৱাত ওখ ঠাইত আশ্ৰয় লৈ থকা বনৰীয়া গাহৰি চিকাৰ কৰি বিক্ৰী কৰিছে মাংস । মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই সদৰী কৰিছে এই ভয়ংকৰ তথ্য ।

Morigaon wild life sanctuary
মৰিগাঁৱত আটক চোৰাংচিকাৰীৰ দলৰ মাষ্টাৰ মাইণ্ড

আনহাতে অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ চোৰাংচিকাৰীৰ দলটোৰ মাষ্টাৰ মাইণ্ডক । ইতিমধ্যে আৰক্ষী জেৰাত সকলো স্বীকাৰ কৰিছে চিকাৰীটোৱে । এই চোৰাং চিকাৰৰ লগত জড়িত দলটোৰ আন চিকাৰীক আটক কৰাৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । চোৰাং চিকাৰীৰ বিৰুদ্ধে মায়ং আৰক্ষী থানাৰ ১১৪ নং ভাৰতীয় দণ্ডবিধি আইনৰ 374 আৰু 420 ধাৰাত মৰিগাঁও আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰিছে । একেদৰে দুষ্প্ৰাপ্য বন্য বৰাহকে ধৰি আন আন জন্তু হত্যাৰ বিৰুদ্ধে মায়ং আৰক্ষী থানাত ১৩০ ক্ৰমিক নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 379 আৰু 429/34 বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইয়াৰে ম'হ ধৰি হত্যা কৰা গোচৰত আৰিফ আৰু নজৰুল ইছলাম আৰু গাহৰি হত্যাৰ গোচৰত দিপাংকৰ বিশ্বাস নামৰ বন্যপ্ৰাণী চিকাৰীকেইটাক আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে পবিতৰা অভয়াৰণ্যত বন সুৰক্ষা কৰ্মী,অৰ্ধ সামৰিক বাহিনী,প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী জোৱান থকাৰ পাছত কেনেকৈ চোৰাং চিকাৰীয়ে তিনিটাকৈ বনৰীয়া ম'হ ধৰি বিক্ৰী তথা মাংস ভক্ষণ কৰিবলৈ সক্ষম হৈছে ই এক লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়ক : আজি ৰায়দানৰ সম্ভাৱনা পাইলট বাহিনীৰ আবেদনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.