ETV Bharat / state

মৰিগাঁৱত তিৱা পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ তুংগত

author img

By

Published : Dec 4, 2020, 12:43 PM IST

মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু হৈছে সকলো দলৰ প্ৰাৰ্থী । বৃহস্পতিবাৰৰ দিনটোত ১৬ নং শলমাৰী পৰিষদীয় সমষ্টিত প্ৰতিটো ঘৰে ঘৰে গৈ ৰাইজৰ সৈতে মত বিনিময় কৰে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী নয়নমণি দেউৰীয়ে ৷

as-mrg-tiwa-autonomus-council-election-campaign-img-as10005
মৰিগাঁৱত তিৱা পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ তুংগত

মৰিগাঁও,4 ডিচেম্বৰঃ ক্ৰমাৎ চমু চাপি আহিছে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ৷ মৰিগাঁৱত তিৱা স্বায়ত্বশাসন পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু হৈছে সকলো দলৰ প্ৰাৰ্থী । পিছপৰি থকা নাই 16 নং শলমাৰী পৰিষদীয় সমষ্টিৰ শাসকীয় বিজেপি দলৰ মনোনীত প্ৰাৰ্থী নয়নমণি দেউৰী । বৃহস্পতিবাৰৰ দিনটোত সমষ্টিটোৰ প্ৰতিটো ঘৰে ঘৰে গৈ ৰাইজৰ সৈতে মত বিনিময় কৰে প্ৰাৰ্থীগৰাকীয়ে ৷

উল্লেখযোগ্য যে, মুকলি সমষ্টিটোত বিজেপি দলৰ বিপৰীতে বিৰোধী দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সদস্য নৰোত্তম ডেকা, হৰি কান্ত পাটৰ( বিজেপিৰ বিসম্বাদী )আৰু আপৰ এজন প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থীত্ব ৷ তিৱা স্বায়ত্ব পৰিষদত মুঠ 36 টা সমষ্টিত আগন্তুক 17 ডিচেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷

লগতে পঢ়ক-বোন্দাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.