ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত জিলিকিল অসমৰ প্ৰতিযোগী

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 10:12 AM IST

দহটাকৈ স্বৰ্ণ পদক লাভ কৰি মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়ালে চৰাইবাহী কাৰাটে ক্লাৱৰ ন প্ৰতিযোগীয়ে । গোৱাত বিগত সপ্তাহত অনুষ্ঠিত হয় 9th Goa Open All India Carate Championship । চৰাইবাহীত উপস্থিত হোৱাৰ লগে লগে উৎফুল্লিত অভিভাৱকৰ লগতে স্থানীয় লোক । প্ৰতিযোগীসকলক উষ্ম আদৰণি ।

9th Goa Open All India karate Championship
উখল-মাখল পৰিৱেশ মৰিগাঁৱত
উখল-মাখল পৰিৱেশ মৰিগাঁৱত

মৰিগাঁও, 24 নৱেম্বৰ: গোৱাত দহটাকৈ স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়ালে অসম সন্তানে ৷ মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে চৰাইবাহী কাৰাটে ক্লাৱৰ নগৰাকীকৈ প্ৰতিযোগীয়ে । গোৱাত অনুষ্ঠিত 9th Goa Open All India Karate Championship ত কেইবাটাও স্থান দখল কৰে মৰিগাঁৱৰ চৰাইবাহী কাৰাটে ক্লাৱে ।

গোৱাত বিগত সপ্তাহত অনুষ্ঠিত হৈছিল নৱম সংখ্যক গোৱা মুকলি All India Karate Championship প্ৰতিযোগিতাৰ ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান দখল কৰিবলৈ সক্ষম হৈছে চৰাইবাহী কাৰাটে ক্লাৱৰ 9 গৰাকী প্ৰতিযোগীয়ে । ৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা মৰিগাঁও জিলা কাৰাটে ক্লাৱৰ অধীনৰ চৰাইবাহী কাৰাটে ক্লাৱে ৰাজ্যৰ লগতে সমগ্ৰ মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ।

বিজয়ী প্ৰতিযোগীসকল বৃহস্পতিবাৰৰ সন্ধিয়া মৰিগাঁৱৰ চৰাইবাহীত উপস্থিত হোৱাৰ পিছতে চৰাইবাহী কাৰাটে ক্লাৱত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । বিজয়ী প্ৰতিযোগীসকলৰ লগতে অভিভাৱক আৰু চৰাইবাহী কাৰাটে ক্লাৱৰ বিষয়ববীয়াসকল একগোট হৈ বিজয়ী প্ৰাৰ্থীসকলক আদৰণি জনায় । এই সন্দৰ্ভত চৰাইবাহী কাৰাটে ক্লাৱৰ সভাপতি বসন্ত কুমাৰ নাথে কয়, " ৰাষ্ট্ৰীয় পৰ্যায়ত গোৱাত অনুষ্ঠিত হোৱা কাৰাটেত মৰিগাঁৱৰ প্ৰতিযোগীসকলে লাভ কৰিছে বিশেষ সফলতা ৷ দুটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত ৰাজ্যৰ পৰা মুঠ ত্ৰিশগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে মৰিগাঁও জিলাৰ চৰাইবাহী কাৰাটে ক্লাৱৰ পৰা ন গৰাকী প্ৰতিযোগীয়ে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি জিলা তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে ।"

আনহাতে প্ৰশিক্ষক মতিবুৰ ৰহমানে প্ৰতিযোগীসকলৰ সফলতাত আনন্দিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ।

লগতে পঢ়ক: বয়সৰ ক্ষেত্ৰত আছুৱে ল’লে কঠোৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.