মৰিগাঁও, 8 জানুৱাৰী : এতিয়া শীতৰ বতৰ । অসমীয়া লোকজীৱনৰে অতি নিবিৰভাৱে জড়িত এৰী কাপোৰ বা এৰী চাদৰৰ চাহিদা বৃদ্ধিৰ লক্ষ্যৰে মৰিগাঁও জিলা ৰেচম বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । এৰী,মূগা,পাট পলু পোহাৰ পৰা লেটা সংৰক্ষণ,চকৰি-চকৰা চিনাক্তকৰণেৰ কণী উৎপাদন,সূতা কটা আদিৰ বাবে বিভাগে কৃষক সকলক বিভিন্ন সহায় আগবঢ়াই আহিছে ।
প্ৰাকৃতিক ভাৱে ৰং কৰা বা দিয়া এৰী মূগাৰ বিভিন্ন উৎপাদিত এৰী বস্ত্ৰ প্ৰদৰ্শন ও বিক্ৰী বাবে মৰিগাঁও জিলা ৰেচম বিভাগৰ বাকৰিত বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে শীতৰ মেলা। বৃহস্পতিবাৰৰ এই মেলাৰ উদ্ধোধন কৰে জিলা উপায়ুক্ত লীনা দাসে। উপায়ুক্তগৰাকীয়ে জিলা ৰেচম বিভাগৰ অধীক্ষক বীণা হাজৰিকা আৰু বিভাগটোৱে শীতৰ বতৰৰ লগত সংগতি ৰাখি এই এৰী,মূগা চাদৰৰ হাট বজাৰ স্থাপনেৰে অসমীয়া লোকক এৰী কাপোৰৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে লোৱা পদক্ষেপক আদৰণি জনায়।
আনহাতে ৰেচম বিভাগৰ জিলা অধীক্ষক বীণা হাজৰিকাই সংবাদ মাধ্যমৰে হোৱাৰ সাক্ষাৎকাৰত দুদিনীয়া প্ৰদৰ্শনীত সকলোকে সহযোগিতা আগবঢ়োৱাৰ বাবেও আহ্বান জনাই ৷ বিশ্ব বজাৰত বৰ্তমান এৰি কাপোৰৰ চাহিদা বঢ়াৰ প্ৰসংগ উত্থাপন কৰি শিক্ষিত যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন লাভৰ বাবে এৰি-মূগাৰ উৎপাদনত নিয়োজিত হ‘বলৈ আহ্বান জনায় ৷
লগতে পঢ়ক: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া