ETV Bharat / state

মৰিগাঁৱত আৰক্ষীৰ পোছাকত অহা ডকাইতে লুটিলে 12 লাখ টকা

author img

By

Published : Jan 23, 2020, 1:30 PM IST

মৰিগাঁৱৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত মাটিপৰ্বতত সংঘটিত হয় ডকাইতিৰ ঘটনা ৷ আৰক্ষী আৰু চি আৰ পি এফৰ পোছাকত অহা 6 ডকাইতে লুটি নিলে ১২ লাখ টকা । স্থানীয় এজন ঠিকাদাৰৰ জোঁৱায়েক ইয়াৰুফ হুছেইনৰ পৰা ডকাইতে লুটি নিয়ে ধনখিনি ।

মৰিগাঁও
ডকাইতি

মৰিগাঁও,23 জানুৱাৰীঃ মৰিগাঁৱত আৰক্ষী আৰু চি আৰ পি এফৰ পোছাকত 6 ডকাইতে লুটি নিলে ১২ লাখ টকা । চাৰিজন চি আৰ পি আৰু দুজন আৰক্ষী পোছাকধাৰীৰ ডকাইতে সংঘটিত কৰে এই ঘটনা ৷ স্থানীয় এজন ঠিকাদাৰৰ জোঁৱায়েক ইয়াৰুফ হুছেইনৰ পৰা ডকাইতে লুটি নিয়ে ধনখিনি । ডকাইতিৰ ঘটনাতো সংঘটিত হয় মৰিগাঁৱৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত মাটিপৰ্বতত ৷ বুধবাৰে সন্ধিয়া প্ৰায় 7.30 বজাত মৰিগাঁৱৰ পৰা আমচৈ ভকচঙত ঠিকা কামৰ ধন দিবলৈ নিয়া হৈছিল ধনখিনি । ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰথমে এজন যুৱকে নম্বৰবিহীন বাইকেৰে আহি চুইফ্​ট ডিজেয়াৰখনৰ চালকৰূপী ঠিকাদাৰজনৰ আগত ৰখি মানুহ খুন্দিয়াই অহা বুলি অভিযোগ কৰি তৰ্ক-বিতৰ্কত লিপ্ত হয় ৷

ডকাইতিৰ ঘটনা

নাটকীয় তথা পৰিকল্পিতভাৱে গাড়ীখন আগভেটি ধৰা যুৱকজনে আৰক্ষীক মাতিম বুলি কোৱাৰ লগে লগে উক্ত খাকী পোছাকধাৰী দলটো আহি AS 01 AM-3734 নম্বৰৰ চুম’ৰে উঠাই নিয়ে । প্ৰায় এঘণ্টীয়া তদন্তৰ পাছত টকাখিনি কাঢ়ি নিয়াৰ বিপৰীতে লোকজনক মুকলি কৰি দিয়ে ডকাইতৰ দলটোৱে । ডকাইতি কাণ্ডটোক গুৰুত্ব সহকাৰে লৈ মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই তদন্ত অব্যাহত ৰাখিছে ।

লগতে চাওকঃসৰ্বাধিক একাউণ্ট খুলি ৰেকৰ্ড গঢ়িলে গোৱালপাৰা ডাক সংমণ্ডলে

Intro:মৰিগাঁৱত আৰক্ষী পোছাক ধাৰী ছয় ডকাইতে ঠিকাদাৰৰ পৰা কাঢ়ি নিলে 12লাখ টকা। আৰক্ষী অভিযান আৰম্ভ । এইঘটনা মৰিগাঁও মাটিপৰ্বতত। Body:মৰিগাঁৱত আৰক্ষী , চিআৰপি এফৰ পোছাকত ডকাইতি কৰি নিলে ১২লাখ টকা। চাৰি জন চিআৰপি আৰু দুজন আৰক্ষী পোছাক ধাৰীৰ ডকাইত এজন ঠিকাদাৰৰ জোৱাই ইয়াৰুফ হোছেইনৰ পৰা। সন্ধিয়া সময়ত মৰৰিগাঁৱৰ পৰা আমচৈ ভকচঙত ঠিকা কামৰ ধন দিবলৈ নিছিল ধনখিনি। এই ঘটনা মৰিগাঁও ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত মাটিপৰ্বতত। যোৱা নিশা সন্ধিয়া প্ৰায় ৭:৩০ বজাত। ঘটনাৰ বিৱৰণী মতে প্ৰথমে এজন যুৱকে নম্বৰহীন বাইকেৰে চালক ৰূপী ঠিকাদাৰ চুইফ্ট ডিজেয়াখনৰ আগত আহি মানুহ খুন্দিয়াই আহা বুলি অভিযোগ কৰাত তৰ্ক-বিতৰ্কলিপ্ত হয় ।
Bytes:1:
নাটকীয় তথা পৰিকল্পিত ভাবে গাড়ী আগভেটি ধৰা যুৱক জনে আৰক্ষী মাতিম বুলি কোৱাৰ লগে লগে উক্ত খাকী পোছাক ধাৰী দলটোৱে
AS-01AM-3734 চুমুৰে উঠাই নিয়ে। প্ৰায় এক ঘন্টাৰ তদন্তৰ পাছত টকাখিনি কাঢ়ি নিয়াৰ বিপৰীতে লোক দুজনক মুকলি কৰি দিয়ে ডকাইতৰ দলটোৱে । এই ডকাইতি কাণ্ডক গুৰুত্ব সহকাৰে লৈ মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নিজেই তদন্ত অব্যাহত ৰাখিছে ।bytes-2 Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.