ETV Bharat / state

Operation against Child marriage: বাল্যবিবাহৰ লগত জড়িত স্বামীক ধৰিবলৈ তৎপৰ মৰিগাঁও আৰক্ষী

author img

By

Published : Feb 3, 2023, 7:44 AM IST

Updated : Feb 3, 2023, 10:09 AM IST

বৃহস্পতিবাৰৰ পৰা ৰাজ্যত আৰক্ষীয়ে আৰম্ভ কৰিছে বাল্য বিবাহ বিৰোধী অভিযান (Operation against Child marriage) ৷ বৃহস্পতিবাৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপ সন্দৰ্ভত উল্লেখ কৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰাৰ কথা উল্লেখ কৰিলে ৷

Etv Bharat
Etv Bharat

মৰিগাঁও, 3 ফেব্ৰুৱাৰী : ৰাজ্যত আৰম্ভ হৈছে বাল্য বিবাহ বিৰোধী অভিযান (Child Marriage in Assam)৷ বাল্যবিবাহ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰখনে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে (Operation against Child marriage) ৷ বাল্য বিবাহ কৰা তথা নিৰ্ধাৰিত বয়সতকৈ কম বয়সৰ কন্যাৰ পাণি গ্ৰহণ কৰাসকলক জেললৈ প্ৰেৰণ কৰা অভিযান শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নগাঁৱত ঘোষণা কৰিছিল ৷

এই সন্দৰ্ভত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে এখন সংবাদমেলযোগে জিলাখনত বাল্য বিবাহৰ বিৰুদ্ধে আৰম্ভ কৰিব লগা অভিযান সৰ্ন্দভত মন্তব্য আগবঢ়ালে ৷ বাল্যবিবাহৰ বিৰুদ্ধে জিলাখনৰ আঠখন আৰক্ষী থানা আৰু পাঁচখন পহৰা চকীত ৰুজু হৈ থকা গোচৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মৰিগাঁও আৰক্ষী সাজু বুলি সংবাদমেলখনত উল্লেখ কৰে । বৃহস্পতিবাৰে সন্ধিয়া মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সম্বোধন কৰা সংবাদ মেলত এই মন্তব্য আগবঢ়ায় আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে ।

আৰক্ষী অধীক্ষকগৰাকীয়ে কলে, বাল্য বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিচতেইৰ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে অভিযান তীব্ৰতৰ কৰি তুলিবলৈ সাজু হৈছে মৰিগাঁও জিলা প্ৰশাসনৰ লগতে মৰিগাঁও আৰক্ষীও । ইয়াৰ অংশ ৰূপে জিলাখনৰ সদৰ আৰক্ষী থানা, মিকিৰভেটা, মৈৰাবাৰী, লাহৰীঘাট, ভূৰাগাঁও, ধৰমতুল, জাগীৰোড আৰু মায়ং আৰক্ষী থানাৰ লগতে জালুগুটি, বৰবৰী, নেলী, ভেলৌগুৰি, বৰছলা আৰক্ষী পহৰা চকীত পঞ্জীয়ন হৈ থকা সংশ্লিষ্ট গোচৰসমূহৰ বিপৰীতে বৃহস্পতিবাৰৰ পৰাই অভিযান চলোৱাৰ বাবে জিলাখনৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰহণ কৰিছে ব্যৱস্থা ।

মৰিগাঁৱৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী পহৰা চকীত ২২৪ টা বাল্যবিবাহৰ গোচৰ পঞ্জীয়ন হৈ থকা বুলি সংবাদ মেলত সদৰি কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । অচিৰেই এই গোচৰসমূহৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে অভিযান আৰম্ভ কৰিব বুলি সংবাদ মেলত উল্লেখ কৰাৰ লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে ক’লে যে বাল্য বিবাহ এক সামাজিক ব্যাধি আৰু ই বে-আইনী কাৰ্য । গতিকে আইনী বিধান অনুযায়ী দোষীসকলৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব ।

লগতে সংবাদ মাধ্যমৰ এক প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে নিৰক্ষৰ সমাজ তথা ভিতৰুৱা অঞ্চলত বাল্যবিবাহৰ প্ৰচলন বেছি দেখিবলৈ পোৱা যায় । অৱশ্যে ইয়াৰ সৈতে সম্পৃক্ত হৈ থাকে অৰ্থনৈতিক কথাবোৰো । বাল্য বিবাহৰ সৈতে জড়িত স্বামী, পৰিয়াল, পুৰোহিত, মৌল্লবী, কাজি আদি সকলোকে আইনৰ আওতালৈ অনা হ’ব বুলি সংবাদ মেলখনত উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

উল্লেখ্য যে, 3 ফেব্ৰুৱাৰীৰ পৰা পৰা ৰাজ্যত আৰম্ভ হ’বলগীয়া বাল্য বিবাহৰ সৈতে জঢ়িত স্বামী গ্ৰেপ্তাৰ অভিযান আগন্তুক 6-7 দিনলৈকে অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে ৷ যিসকল লোকে 14 বছৰৰ তলৰ ছোৱালীক বিয়া কৰিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব ৷ POSCO আইনৰ অধীনত লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (People involved in Child Marriages to arrest in Assam)৷

লগতে পঢ়ক : Journalist Siddique Kappan: 27 মাহৰ কাৰাবন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ আহিল সাংবাদিক ছিদ্দিক কপ্পন

Last Updated : Feb 3, 2023, 10:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.