মৰিগাঁও,30 নৱেম্বৰ : মৰিগাঁৱত দেওবাৰে SAVE SHOP নামৰ কোম্পানীৰ বিষয়াক উত্তম-মাধ্যম শোধায় বঞ্চিত যুৱকৰ সমৰ্থকে ৷ এখন চেমিনাৰত অংশগ্ৰহণ কৰিবলৈ গৈছিল মাৰ্জিত সাজ-পোছাক পৰিহিত যুৱককেইজনে ৷ এই ব্যৱসায়ত ৰুবুল কুমাৰ নাথ নামৰ এজন যুৱকেও অংশগ্ৰহণ কৰিছিল যদিও 5,700 টকা দিয়াৰ পাচতো নিজৰ পাবলগীয়া সামগ্ৰীখিনি লাভ কৰা নাছিল ৰুবুলে ৷
সেয়েহে নিজৰ প্ৰাপ্য বিচাৰি যোৱাত কোম্পানীটোৰ বিষয়া আৰু কেইজনমান লোকে একেলগ হৈ ৰুবুল নাথক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ একাংশ স্থানীয় লোকে মৰিগাঁও পবিতৰা সভাগৃহত উপস্থিত হৈ কোম্পানীটোৰ বিষয়াসকলক লপা-থপা দি আৰক্ষীক গতাই দিয়ে ৷
উল্লেখ্য় যে, এই চেইন চিষ্টেমছ ব্যৱসায়ৰ সৈতে জড়িত হৈ ইতিমধ্যে বহু লোকে প্ৰলোভনৰ সন্মুখীন হৈছে ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে মৰিগাঁও আৰক্ষীয়ে ৷
লগতে পঢ়ক : বিশ্বনাথত আৰক্ষী আৱাসৰ আধাৰশিলা স্থাপন মুখ্য়মন্ত্ৰী সোণোৱালৰ