ETV Bharat / state

বিদ্যালয়ৰ ভূমিত মছজিদ নিৰ্মাণক লৈ উত্তপ্ত পৰিস্থিতি ! - মছজিদ

মৰিগাঁও জিলাত বিদ্যালয়ৰ ভূমি বেদখল কৰি মছজিদ নিৰ্মাণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ জিলাখনৰ লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ নাগাবন্ধাৰ একাংশ ৰাইজে এখন বিদ্যালয়ৰ ভূমি বেদখল কৰি মছজিদ নিৰ্মাণৰ পৰিকল্পনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পূব নাগাবন্ধা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰচিদা বেগমে ৷

Morigaon moshid vs school
বিদ্যালয়ৰ ভূমিত মছজিদ নিৰ্মাণক লৈ উত্তপ্ত পৰিস্থিতি!
author img

By

Published : Aug 14, 2020, 10:11 AM IST

মৰিগাঁও, 14আগষ্ট: মৰিগাঁও জিলাত বিদ্যালয়ৰ ভূমি বেদখল কৰি মছজিদ নিৰ্মাণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ জিলাখনৰ লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ নাগাবন্ধাৰ একাংশ ৰাইজে এখন বিদ্যালয়ৰ ভূমি বেদখল কৰি মছজিদ নিৰ্মাণৰ পৰিকল্পনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে পূব নাগাবন্ধা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰচিদা বেগমে ৷ দীৰ্ঘদিনৰ পৰাই বিদ্যালয়খনত শৌচাগাৰ, মধ্যাহ্ন ভোজনৰ নামত দুৰ্নীতি চলি আহিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

অন্য এক খবৰৰ বাবে: মৰিগাঁৱত মাৰণাস্ত্ৰ সহ আটক ডকাইত

ঘটনা অনুসৰি, উক্ত ঠাইখিনিত পূৰ্বৰ পৰা আছিল এখন মাদ্ৰাছা ৷ কিন্তু হঠাৎ বিদ্যালয়খনত 'বাউণ্ডেৰী ৱাল আঁচনি' অনুমোদন হোৱাৰ পাছত গাঁওখনৰ মানুহৰ মাজত দুটা ফৈদৰ সৃষ্টি হয় ৷ ইয়াৰ পাছতেই এই দুই ফৈদৰ মাজত সৃষ্টি হয় কিছু মতানৈক্যৰ ৷ বিদ্যালয়খনৰ চৌহদত বেৰ নিৰ্মাণৰ পৰিৱৰ্তে বিদ্যালয়খন আঁতৰাই মছজিদ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰে গাঁওখনৰ আন এটা ফৈদে ৷ যাৰ বাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু একাংশ গাঁওবাসীয়ে ক্ষোভিত হৈ পৰে ৷

বিদ্যালয়ৰ ভূমিত মছজিদ নিৰ্মাণক লৈ উত্তপ্ত পৰিস্থিতি!

গাঁওবাসীৰ মত অনুসৰি, ১৯৮৪ চনৰ চনত স্থাপিত হোৱা বিদ্যালয়খনৰ নামতে আছে ভূমি আৱন্টন । যাৰ পাছতো আনটো ফৈদে ভূমি বেদখল কৰি বিদ্যালয়খনৰ ঠাইত মছজিদ নিৰ্মাণৰ পৰিকল্পনা কৰা হয় ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়ৰ ভূমি বেদখল মুক্ত কৰিবলৈ লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক আবেদন কৰাৰ লগতে লাহৰীঘাট আৰক্ষী থানাটো ঘটনা সন্দৰ্ভত ৰুজু কৰিছে গোচৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.