ETV Bharat / state

Morigaon Mob lynching case update: "গৰু চোৰ নহয় আমি কাবাদী খেলুৱৈহে...." - কাবাদী খেলুৱৈ মেছিৰ ভাষ্য

মৰিগাঁও আঁহতগুৰিত নিশা সংঘটিত হোৱা গণ প্ৰহাৰৰ ঘটনাৰ নতুন মোৰ ৷ ভুক্তভোগী কাবাদী খেলুৱৈ মেছিয়ে দাঙি ধৰিলে ঘটনাৰ প্ৰকৃত বিৱৰণ ৷ প্ৰকৃততে কি হৈছিল সোমবাৰৰ নিশা?

Morigaon Mob lynching case update
"গৰু চোৰ নহয় আমি কাবাদী খেলুৱৈহে...."
author img

By

Published : Jul 25, 2023, 9:08 PM IST

"গৰু চোৰ নহয় আমি কাবাদী খেলুৱৈহে...."

মৰিগাঁও, 25 জুলাই : সোমবাৰে নিশা মৰিগাঁৱৰ আঁহতগুৰিত সংঘটিত হোৱা গণ প্ৰহাৰৰ ঘটনাৰ পিচতে জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনাৰ প্ৰাথমিক তদন্তৰ মাজতে এইবাৰ পোহৰলৈ আহিছে নতুন মোৰ ৷ গণ প্ৰহাৰৰ ঘটনাৰ পৰা প্ৰাণৰক্ষা পৰা কাবাদী খেলুৱৈ মেছিৰ ভাষ্যই পোহৰলৈ আনিছে যোৱা নিশা সংঘটিত হোৱা ঘটনাৰ প্ৰকৃত ছবি ৷

দৰাচলতে সোমবাৰে নিশা মৰিগাঁৱৰ নাৰমাৰী অনুষ্ঠিত হৈছিল কাবাদীৰ চূড়ান্ত খেল ৷ এই চূড়ান্ত খেল উপভোগ কৰিবলৈ দুখন বাইকত ছজন যুৱক ক্ৰমে মেছি, মিজাৰু, চামচুল, আবুল হোছেইন, চাদ্দাম হোছেইন গৈছিল ৷ খেলে শেষ হোৱাত ছজন যুৱকে দুখন মটৰ চাইকেলৰে আহি থকাৰ সময়তে নিশা প্ৰায় ডেৰ-দুই মান বজাত বৰষুণৰ পৰিমাণ বেছি হোৱাত মোবাইল কেইটা বৰষুণৰ পৰা ৰক্ষা কৰা তথা নিজৰ অঞ্চল বুলি আঁহতগুৰিত কিছু সময়ৰ বাবে আশ্ৰয় লৈছিল ৷

ঠিক তেনে সময়তে গাঁৱৰ 6/7 জনীয়া লোকে আহি গৰু চুৰি কৰি ক'ত চাপ্লাই দিলি বুলি প্ৰশ্ন সোধাত হতভম্ব হৈ পৰে মেছিৰ লগতে আন কেইজনৰ কাবাদী খেল চাবলৈ যোৱা ছজনীয়া যুৱকৰ দলটো ৷

ইয়াৰ পিচতে বাটাম আৰু ৰ’ডেৰে নৃশংসভাৱে যুৱকইজনক আক্ৰমণ কৰে গাঁৱৰ লোকে ৷ গাঁৱৰ লোকে চিনি পোৱাৰ পিচতো গাঁৱৰ লোকৰ কাণতলীয়া চৰ খাই কোনোমতে প্ৰাণৰক্ষা কৰা মেছি আৰু আন এজনে কপিলী সাঁতুৰি পাৰ হৈ ভাতৃৰ ঘৰত আশ্ৰয় লৈ ঘটনা বিৱৰণী দি আৰক্ষীৰ সহায় বিচাৰে ৷ পিছে উত্তেজিত জনতাই ইতিপূৰ্বে হোৱা গৰু চুৰিৰ অজুহাতত ভুক্তভোগী যুৱক কেইজনৰ কোনো কথাই গ্ৰাহ্য নকৰি গণ প্ৰহাৰ কৰাৰ ফলত চাদ্দাম হোছেইনে মৃত্যুক আঁকোৱালি লয় ৷ অন্য দুজন চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

মন কৰিবলগীয়া বিষয় যে, আঁহতগুৰিৰ অধিকাংশ লোকৰে পৰিচিত মেছিৰ লগতে আন কাবাদী খেলুৱৈসকল ৷ বিভিন্ন ঠাইত আঁহতগুৰিৰ হৈ কাবাদী খেলিবলৈ যোৱা মেছি সোমবাৰে নিশা বাৰ বজাত আঁহতগুৰিত এনেদৰে নৃশংস আক্ৰমণৰ বলি হোৱাত হতভম্ব হৈ পৰে ৷ ঘটনাৰ বিৱৰণ দি মেছিয়ে কয় যে, আমাক চিনি পোৱাৰ পিচতো মাৰিম বুলিয়েই এনেদৰে বাটাম আৰু ৰডেৰে মাৰিছে ৷ আনকি আৰক্ষীকো আওকাণ কৰি গাঁৱৰ লোকে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে ৷

লগতে পঢ়ক: Mob lynching in Morigaon: এজনো দোষী সাৰি যাব নোৱাৰিব; IGP প্ৰশান্ত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.