ETV Bharat / state

ৰুদ্ধ শ্বাস অৱস্থাৰ অৱসান : উদ্ধাৰ হ’ল মায়ঙৰ তিনি নিৰুদ্দিষ্ট কিশোৰ-কিশোৰী - ৰহস্য

গুৱাহাটীৰ পানীখাইতি অঞ্চলৰ তাৰীবাগানত উদ্ধাৰ কৰা হ’ল শুকুৰবাৰে নিশা মৰিগাঁৱৰ মায়ঙৰ পৰা নিৰুদ্দেশ হোৱা তিনিটাকৈ শিশু ৷ শুকুৰবাৰে নিশা নিজ ঘৰৰ পৰাই নিৰুদ্দেশ হোৱা কিশোৰ-কিশোৰী কেইটাই স্ব-ইচ্ছাই ঘৰৰ পৰা আঁতৰি যোৱাৰ কথা উল্লেখ কৰি লিখি থৈ গৈছিল দুখনকৈ টোকা ৷

morigaon-missing-child-rescued-in-panikhaiti-of-guwahati
উদ্ধাৰ হ’ল মায়ঙৰ তিনি কিশোৰ-কিশোৰী
author img

By

Published : Jun 12, 2021, 10:07 PM IST

মৰিগাঁও ,12 জুন : শুকুৰবাৰে, মৰিগাঁও জিলাৰ মায়ঙত নিৰুদ্দেশ হৈছিল তিনি গৰাকীকৈ কিশোৰ-কিশোৰী ৷ শুকুৰবাৰে নিশা প্ৰায় 11 বজাৰ পিছত ঘৰৰ পৰাই নিৰুদ্দেশ হৈছিল তিনিও ৷ জানিব পৰা মতে, ইয়াৰে এগৰাকী কিশোৰ আৰু কিশোৰ গৰাকী একেখন ঘৰৰেই অৰ্থাৎ, ভাই-ভনী ৷ এই ঘটনাৰ 24 ঘন্টাৰ ভিতৰতেই আৰক্ষীৰ তৎপৰতাত শনিবাৰে গুৱাহাটীৰ মহানগৰীৰ পানীখাইতি অঞ্চলৰ তাৰীবাগানৰ পৰা উদ্ধাৰ কৰা হ’ল নিৰুদ্দেশ হোৱা শিশু(missing child) কেইটাক ৷

উল্লেখযোগ্য যে, নিৰুদ্দেশ হোৱাৰ পিচতেই শিশু কেইটাৰ ঘৰৰ পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰিছিল দুটাকৈ হাতে লিখা টোকা(hand written note) য’ত স্পষ্টকৈ লিখা আছিল যে, নিজ ইচ্ছাৰেই তেওঁলোকে পৰিয়াল তথা ঘৰ ত্যাগ কৰিছিল ৷

উদ্ধাৰ হ’ল মায়ঙৰ তিনি নিৰুদ্দিষ্ট কিশোৰ-কিশোৰী

ইফালে, বহু কেইগৰাকী প্ৰত্যক্ষ দৰ্শীয়ে নিশাৰ ভাগত গাঁৱৰ মাজত এখন অলটো গাড়ী দেখা পোৱাৰ কথা আৰক্ষীক জানিবলৈ দিছিল ৷ পৰৱৰ্তী সময়ত গুৱাহাটীৰ পানীখাইতি অঞ্চলৰ তাৰীবাগানত শিশু কেইটাক স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশু কেইটাক ৷ আনহাতে,দৰিদ্ৰ পৰিয়ালৰ শিশু কেইটা কাৰ প্ৰৰোচনাত এনেদৰে অন্তৰ্ধান হৈছিল সেইয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত আছে ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.