ETV Bharat / state

মৰিগাঁৱত উপস্থিত জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা

author img

By

Published : Jul 23, 2020, 4:26 AM IST

জাগীৰোড সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ বানাক্ৰান্ত অঞ্চল পৰিৰ্দশন ৷ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী সৰু মাটি পৰ্ব্বত অঞ্চলত অব্য়াহত আছে বানৰ বিভীষিকা ।

সৰু মাটি পৰ্ব্বত অঞ্চলত অব্য়াহত আছে বানৰ বিভীষিকা

মৰিগাঁও, 23 জুলাই : দক্ষিণ মৰিগাঁৱৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈয়ে আছে । জাগীৰোড সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ বানাক্ৰান্ত অঞ্চল পৰিৰ্দশন কৰে । অসম-মেঘালয়ৰ সীমান্তৱৰ্তী সৰু মাটি পৰ্ব্বত অঞ্চলত উপস্থিত হয় হাজৰিকাই ।

বুধবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই বান পৰিস্থিতি বুজ লয় অসম-মেঘালয়ৰ সীমান্তত । কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই এৰা পানী আৰু মেঘালয়ৰ পাহাৰত হোৱা ধাৰাষাৰ বৰষুণৰ পাছত মৰিগাঁৱৰ দক্ষিণাঞ্চলৰ কিলিং নৈ উফন্দি পৰাত সীমান্তৱৰ্তী ৰাইজ আশ্ৰয় ল'ব লগা হয় ওখ ঠাইত। কাৰ্যতঃ জাগীৰোড সমষ্টিটোৰ সীমান্তৱৰ্তী বহুকেইখন গাঁৱৰ বাসিন্দাৰ মাজত একপ্ৰকাৰ হাহাকাৰ সৃষ্টি হয় দক্ষিণ মৰিগাঁৱৰ বৃহত্তৰ গোভা অঞ্চলটোত । এছডিআৰএফৰ বাহনত উঠি স্থানীয় বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই বানাক্ৰান্তক খাদ্য-সম্ভাৰ,বিশুদ্ধ খোৱা পানী যোগানৰ দিহা কৰে । বাঢ়ি থকা কিলিং আৰু কপিলী নৈৰ জলপৃষ্ঠই 2004 চনৰ বানপানীকো চেৰ পেলাব বুলি মন্তব্য স্থানীয় বানাক্ৰান্তৰ ৷

মৰিগাঁৱত বানাক্ৰান্তৰ ওচৰত মন্ত্ৰী পীযুষ হাজৰিকা

এতিয়া জিলাখনৰ উত্তৰ দিশত বান পৰিস্থিতি সামান্য উন্নত হোৱাৰ পাছত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীয়ে জলাতংক সৃষ্টি কৰিছে দক্ষিণ মৰিগাঁৱত । জাগীৰোড বিধানসভা সমষ্টিটোৰ নেলী,সীতাজখলা,গোভা আদি সীমান্তৱৰ্তী অঞ্চলৰ শতাধিক গাঁও জলমগ্ন হৈ পৰিছে । ঘৰৰ ভিতৰত এবুকু পানী হোৱাত মথাউৰি আৰু বিদ্যালয়ত ল'বলগীয়া হৈছে আশ্ৰয় । পীযুষ হাজৰিকাই অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লৈ চৰকাৰ আৰু বিধায়কৰ ফালৰ পৰা বান সাহাৰ্য আগবঢ়াব বুলি মন্তব্য কৰে ।

লগতে পঢ়কঃ ডিব্ৰুগড় আৰক্ষীত সংযোজন নতুন তহলদাৰী ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.