ETV Bharat / state

প্ৰস্তাৱিত ভূমি আৱন্টনৰ সন্দৰ্ভত মৰিগাঁৱত ভূমি উপদেষ্টা কমিটিৰ সভা

author img

By

Published : Sep 29, 2020, 10:56 PM IST

মংগলবাৰে মৰিগাঁৱত মহকুমা ভূমি উপদেষ্টা সমিতিৰ এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুস্থিত হয় । ব্যক্তিগত খণ্ড আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে প্ৰস্তাৱিত ভূমি আৱন্টন দিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয় এই আলোচনা চক্ৰত ৷

প্ৰস্তাৱিত ভূমি আৱন্টনৰ সন্দৰ্ভত মৰিগাঁৱত ভূমি উপদেষ্টা কমিটিৰ সভা
প্ৰস্তাৱিত ভূমি আৱন্টনৰ সন্দৰ্ভত মৰিগাঁৱত ভূমি উপদেষ্টা কমিটিৰ সভা

মৰিগাঁও, 29 ছেপ্তেম্বৰ: মঙলবাৰে মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মহকুমা ভূমি উপদেষ্টা কমিটিৰ এখন সভা অনুষ্ঠিত হৈ যায় । জিলা উপায়ুক্ত লীনা দাসৰ সঞ্চালনাত জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক তথা অসমৰ নগৰ উন্নয়ন আৰু ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা, মৰিগাঁও বিধান সভা সমষ্টিৰ বিধায়ক তথা অসমৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী আৰু তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাৰ উপস্থিতিত ব্যক্তিগত খণ্ড আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে প্ৰস্তাৱিত ভূমি আৱন্টন দিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয় ।

উক্ত সভাখনত জিলাখনৰ বাবে ৬১১ টা প্ৰস্তাৱ ৰখা হৈছে । সভাখনত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, দেৱযানী চৌধুৰী, সঞ্জীৱ কুমাৰ শৰ্মা,ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল, সহ আয়ুক্ত কল্যাণী কঙ্কনা দাস, মৈত্ৰেয়ী মৰাণ, মণ্ডল আৰু ৰাজহ চিৰস্তাদাৰ শশী বৰদলৈকে আদি কৰি বহু সংখ্যক লোক উপস্থিত আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.