ETV Bharat / state

মৰিগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰা তিৱা সংগঠন ভুৱা আখ্যা ছয় তিৱা সংগঠনৰ - দীপেন মছৰং

মৰিগাঁও জিলা সাংবাদিক প্ৰেক্ষাগৃহত ছয় তিৱা সংগঠনে সংবাদমেল সম্বোধন কৰি মৰিগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰা তিৱা সংগঠন ভুৱা আখ্যা দিয়ে, ভুৱা সংগঠনসমূহ বিধায়ক ৰমাকান্ত দেউৰীৰ ছত্ৰছায়াত গঠন হোৱা বুলি মন্তব্য কৰি ভুৱা সংগঠনক সংযমী হ'বলৈ দাবী ছয় তিৱা সংগঠনৰ

ছয় তিৱা সংগঠনৰ সম্বোধন সংবাদমেল
author img

By

Published : May 10, 2019, 11:55 PM IST

মৰিগাঁও,১০মে' : শুকুৰবাৰে মৰিগাঁও জিলা সাংবাদিক ভৱন প্ৰেক্ষাগৃহত ছয় তিৱা সংগঠনে সম্বোধন কৰে এখন সংবাদমেল । সংবাদমেলত ছয় তিৱা সংগঠনৰ নেতৃত্বই সকিয়নী দি কয় যে ২০১৭ চনতে এক বিশেষ অভিৱৰ্তনৰ যোগেৰে দীপেন মছৰং আৰু ধৰ্মচিং বৰদলৈ নেতৃত্বতাধীন দুই সংগঠনে একেখন মঞ্চত সমবেত হৈ তিৱা সংগ্ৰামখনক আগুৱাই নিছিল ।

ছয় তিৱা সংগঠনৰ সম্বোধন সংবাদমেল

উল্লেখ্য যে, ৰাইজৰ টকাৰে সম্পত্তিৰ পাহাৰৰ গঢ়া তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য পবন মান্তাৰ জামিন আবেদন নাকচ কৰিছিল উচ্চ ন্যায়ালয়ে । যাৰ বাবে শুকুৰবাৰে পুৱা পবন মান্তাৰৰ গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল তিৱা সংগঠনে । কিন্তু সেই একে দিনাই বিয়লি ছয় তিৱা সংগঠনে এখন সংবাদমেল সম্বোধন কৰি প্ৰতিবাদ সাব্যস্ত কৰা সংগঠনক ভুৱা বুলি আখ্যা দিয়ে । ইপিনে, দীপেন মছৰং আৰু ধৰ্মচিং বৰদলৈয়ে দুয়োজনেই একেখন মঞ্চত তিৱা সংগ্ৰামখনক স্থান দিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে । সংগঠনটোৱে সংবাদমেলত নিশাটোৰ ভিতৰতে গঠন হোৱা সংগঠনৰ কোনো অস্তিত্ব নাই বুলি মত পোষণ কৰি কয় ভুৱা সংগঠনবোৰ এতিয়াৰে পৰা সংযম নহলে আইনী ব্যৱস্থা লোৱা হ'ব । আনহাতে, ভুৱা সংগঠনবোৰ মৰিগাঁৱৰ ৰমাকান্ত দেউৰীৰ ছত্ৰছায়াত গঠন হোৱা বুলি সদৰী কৰাৰ লগতে বিধায়ক ৰমাকান্ত দেউৰীয়ে পৰিষদখনত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিবলৈ সংবাদমেলযোগে দাবী জনায় সংগঠনটোৱে । সংগঠনটোৱে ৰমাকান্ত দেউৰীৱে জোঙালবলহু আৱক্ষ মূৰ্ত্তি প্ৰতিষ্ঠাৰ নামত ৬৬ লাখ টকা আত্মসাৎ কৰাৰ লগতে বহু কেলেংকাৰীৰো তদন্তৰ দাবী জনায় সংবাদমেলত ।

Intro: উচ্চন্যায়ালয়ে জামীন আবেদন নাকচ কৰা পবন মান্তাক গ্ৰেপ্তাৰ কৰক, ৰাইজৰ টকাৰে সম্পত্তিৰ পাহাৰৰ গঢ়া তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য পবন মান্তাক গ্ৰেপ্তাৰ কৰক শ্লগানত উত্তাল মৰিগাঁও।

Body:তিৱা স্বায়ত্ব পৰিষদক কেন্দ্ৰকৰি শুক্ৰবাৰে উত্তাল মৰিগাঁও। আগবেলা পাঁচ তিৱা সংগঠনে আগবেলা এক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ন কৰাৰ বিপৰীতে বিয়লি ছয়টাকৈ তিৱা সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই সংবাদ মেল সম্বোধন কৰি ধৰ্না দিয়া সংগঠনক ভূৱা আখ্যা।
মৰিগাঁও জিলা সাংবাদিক ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেল খনতে ছয় তিৱা সংগঠনৰ নেতৃত্বই সকিয়নী দি কয় যে ২০১৭ চনতে এক বিশেষ অভিবৰ্তনৰ যোগে দীপেন মছৰং আৰু ধৰ্মচিং বৰদলৈ নেতৃত্বতাধীন দুই সংগঠনে একেখন মঞ্চত সমবেত হৈ তিৱা সংগ্ৰাম খনক আগুৱাই নিছে। ইয়াৰ বিপৰীতে নিশাটো ৰ ভিতৰতে কাৰোবাক ৰক্ষনাবেশন দিবলৈ গঠন হোৱা সংগঠন কেইটাৰ কোনো অস্তিত্ব নাই। ইমানতে তেওঁ লোক সংযম নহলে আইনী ব্যৱস্থা লব ছয় তিৱা সংগঠনে।
আনহাতে উক্ত সংগঠন কেইটা বিধায়ক ৰমাকান্ত দেউৰীৰ ছত্ৰছায়াত গঠন হোৱা বুলি সদৰী কৰাৰ লগতে বিধায়ক ৰমাকান্ত দেউৰীয়ে পৰিষদখনত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব লৈ জনাই সংবাদ মেল যোগে।
উল্লেখযোগ্য যে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে উঠা জোঙালবলহু আবক্ষ মূৰ্ত্তি প্ৰতিষ্ঠা ৰ নামত ৬৬ লাখটকা আত্মসাতৰ লগতে পূৰ্বৰ সকলো অভিযোগৰ তদন্ত দাবী কৰে ছয় সংগঠনৰ নেতৃত্বই।

Conclusion:ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.