ETV Bharat / state

তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা - বিনিময় প্ৰথা

অসমৰ এখন ঐতিহাসিক জিলা মৰিগাঁও ৷ মৰিগাঁৱক প্ৰাচীন গোভা ৰাজ্যৰ মূল ভূমি বুলি ক'লেও ভুল কোৱা নহ'ব ৷ গোভা ৰজাৰ দিনৰ বহু পৰম্পৰা আৰু ঐতিহ্য এতিয়াও বিদ্যমান হৈ আছে জিলাখনত ৷ ইয়াৰ উৎকৃষ্ট নিদৰ্শন হৈছে জোনবিল মেলা ৷ পৰম্পৰাগতভাৱে গোভা ৰজাৰ দিনৰ পৰাই চলি আছে এই বিশেষ মেলাখন ৷ মাঘ বিহুৰ পিচতেই অনুষ্ঠিত হয় অতি প্ৰাচীন আৰু বৃহৎ হিচাপে পৰিগণিত জোনবিল মেলা ৷ জোন বিলৰ পাৰত অনুষ্ঠিত হোৱা বাবেই এই মেলাখনক জোন বিল মেলা হিচাপে অভিহীত কৰা হয় ৷ চলিত বৰ্ষত তিনি দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে জোনবিল মেলা ৷

ঐতিহাসিক জোনবিল মেলা
ঐতিহাসিক জোনবিল মেলা
author img

By

Published : Jan 16, 2020, 8:48 PM IST

মৰিগাঁও,16 জানুৱাৰীঃ পাহাৰ আৰু ভৈয়ামৰ মিলনৰ অন্যতম স্থলী হৈছে জোনবিল মেলা ৷ পাহাৰত বসবাস কৰা লোক সকলে নিজৰ উৎপাদিত শস্য, কাপোৰ আদি বিক্ৰীৰ বাবে ভৈয়ামলৈ আহে ৷ খাচিয়া, জয়ন্তীয়া, গাৰো, কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে এই মেলাত৷ সকলোৱে নিজ নিজ সামগ্ৰীসমূহ হোৰাত ভৰাই লয় আৰু মেলাত বাহৰ পাতেহি ৷ পাহাৰৰ পৰা অহা লোকসকলক স্থানীয়ভাৱে "মামা-মামী" বুলি কোৱা হয় ৷ পাহাৰত উৎপাদিত আলু,কচু,আদা,হালধি,আদা,জলকীয়া,লাও,জালুক,ধূনা আদি সমাগ্ৰী লৈ আহে পাহাৰৰ লোকসকলে ৷ ভৈয়ামৰ লোকে এই সামগ্ৰী সমূহ ক্ৰয় কৰে আৰু মামা-মামী সকলে ভৈয়ামৰ মানুহে প্ৰস্তুত কৰা পিঠা-পনা,জা-জলপান আদি ক্ৰয় কৰে ৷ পূৰ্বতে অৱশ্যে এই সামগ্ৰীসমূহৰ বিনিময় হে হৈছিল ৷ বৰ্তমানেও সেই বিনিময় প্ৰথা অব্যাহত আছে জোনবিল মেলাত ৷

MORIGAON JOON BEEL MELA TRADITIONAL FAIR IN ASSAM ETV BHARAT
আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এইবৰ্ষৰ জোনবিল মেলাৰ শুভাৰম্ভণী কৰে তিৱা শাসকলৰ ৰজা অথবা গোভা ৰজা দ্বীপসিঙে ৷ নৃত্য-গীতেৰে পতাকা উত্তোলন কৰাৰ পাচত দুপৰীয়া বিষয়ববীয়াৰ সৈতে বিলৰ পাৰত আহাৰ গ্ৰহণ কৰে ৰজাই ৷ নিশাৰ ভাগত মামা-মামীসকলেও পৰিৱেশন কৰিব বিভিন্ন গীত নৃত্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকেৰে লোকাৰণ্য হৈ পৰিছে ঐতিহাসিক জোনবিলৰ পাৰ ৷ বিভিন্ন ধৰণৰ সামগ্ৰীৰ বিপণীত ভিৰ কৰা দেখা গৈছে গ্ৰাহকে ৷ এইদৰেই তিনিদিন ধৰি বাৰে ৰহনীয়া অনুষ্ঠানেৰে মুখৰিত হৈ থাকিব জোনবিল মেলাস্থলী ৷

তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা

লগতে চাওকঃ সত্ৰীয়া পৰম্পৰাৰে মেজি প্ৰজ্বলন বৰপেটা সত্ৰত

Intro:আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা।প্ৰাচীন গোভা দেওৰজা জোনবিল মেলা উন্নয়ন সমিতিৰ উদ্যোগত জোন বিলৰ পাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। ঐতিহাসিক বিনিময়ৰ প্ৰথাৰ পৰম্পৰা ৰক্ষা কৰাৰ বাবে পাহাৰৰ পৰা খাদ্য সম্ভাৰ লৈ জোনবিলৰ অস্হয়ী শিবিৰত বাহৰ পাতিছে।

Body: তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে প্ৰাচীন গোভাৰাজ্যৰ জোনবিল মেলা। আজি পহিলা দিনৰ কাৰ্যসূচী আনুসৰি পতাকা উত্তোলন কৰে প্ৰতীকী ৰজা দ্বীপচিং ৰজাই । নৃত্য গীতৰে পতাকা উত্তোলনৰ পাছত দুপৰীয়া জোনবিলৰ পাৰত ৰজা আৰু বিষয় ববীয়াসৈতে ভোজভাত খাব । নিশাভাগত পাহাৰৰ মামা মামীসকলৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। ইতিমধ্যে হাজাৰ বিজাৰ পাহাৰৰ মামা মামী সকলে পাহাৰত উৎপাদিত বিভিন্ন আলু, কচু, হালধি ,জলকীয়া, লা,লাও ,জালুক,ধূনা আদি লৈ জোনবিলৰ বাকৰিত বাহৰ পাতিছে। মনকৰিবলগীয়া যে পুৰুষ মহিলা ই এই সমন্বয়ৰ ভূমিলৈ পিঠিত কেচুৱাৰ লৈ উপস্থিত হৈছে । এককথাত পহিলা দিনাই জোনবিল হৈ পৰিছে পাহাৰ ভৈয়ামৰ মিলন ভূমি ।bytes:jursing bordoloi

Conclusion:ratul deka etvbharatmorigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.