ETV Bharat / state

অসম আৰক্ষীৰ শাৰীৰিক সাক্ষাৎকাৰত বিসংগতিৰ অভিযোগ

author img

By

Published : Feb 16, 2021, 2:22 PM IST

মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ শাৰীৰিক সাক্ষাৎকাৰত কাৰিকৰী বিংসগতি সংঘটিত ৷ এই বিষয়ে সংবাদমেল সম্বোধন কৰি সদৰী কৰে জিলা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা আৰু সাক্ষাৎকাৰৰ দায়িত্বত থকা সংশ্লিষ্ট আৰক্ষী বিষয়াই ।

এইবাৰ বিংসগতি অসম আৰক্ষীৰ শাৰীৰিক সাক্ষাৎকাৰত

মৰিগাঁও,16 ফেব্ৰুৱাৰীঃ মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত হয় অসম আৰক্ষীৰ শাৰীৰিক সাক্ষাৎকাৰ ৷ এই সাক্ষাৎকাৰত কাৰিকৰী বিংসগতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই বিষয়ে সংবাদমেল সম্বোধন কৰি সদৰী কৰিছে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা আৰু সাক্ষাৎকাৰৰ দায়িত্বত থকা সংশ্লিষ্ট আৰক্ষী বিষয়াই ।

আনহাতে, অসম আৰক্ষীৰ একাদশ বেটেলিয়নৰ কামাণ্ডেণ্ট কল্যাণ ফুকনে সংবাদমেলৰ জৰিয়তে প্ৰথমদিনা উপস্থিত প্ৰাৰ্থীৰ শাৰীৰিক সক্ষমতাৰ দৌৰৰ সময়ত সাক্ষাৎকাৰৰ দায়িত্বত থকা প্ৰতিষ্ঠানটোৱে সময় তথা মান সঠিকভাৱে সন্নিৱিষ্ট কৰিব নোৱাৰাৰ ফলতেই সাক্ষাৎকাৰ বাতিল কৰা হৈছে বুলি মন্তব্য কৰে । আৰক্ষী বিভাগৰ শাৰীৰিক সাক্ষাৎকাৰৰ নামত নিবনুৱা যুৱক-যুৱতীৰ জীৱনক লৈ পুনৰ হেতালি খেলা ঠিকাপ্ৰাপ্ত প্ৰতিষ্ঠানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সচেতন মহল ৷ কাৰিকৰী বিজুতিৰ অজুহাত লৈ প্ৰথম দিনাৰ সাক্ষাৎকাৰ বাতিল কৰা কাৰ্যক কটু সমালোচনা কৰে বিভিন্নজনে ৷

উল্লেখ্য যে, এইসকল প্ৰাৰ্থীৰ বাবে ১২ মাৰ্চত পুনৰ অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ ৷

লগতে পঢ়কঃ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.