ETV Bharat / state

মৰিগাঁৱত অব্যাহত বালি মাফিয়াৰ দৌৰাত্ম্যঃ ৰাইজে জব্দ কৰিলে বালি ভৰ্তি ডাম্পাৰ - জব্দ দুখন বালি ভৰ্তি ডাম্পাৰ

কপিলীত অব্যাহত বালি মাফিয়াৰ দপদপনি ৷ একাংশ ক্ষুব্ধ ৰাইজে জব্দ কৰে দুখন বালি ভৰ্তি ডাম্পাৰ ৷ বন বিভাগৰ লোক জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

মৰিগাঁৱত জব্দ দুখন বালি ভৰ্তি ডাম্পাৰ
author img

By

Published : Nov 15, 2019, 11:49 AM IST

মৰিগাঁও, 15 নৱেম্বৰ: কপিলীত অব্যাহত আছে অবৈধ বালি খনন ৷ ৰাইজৰ অভিযোগ অনুসৰি বন বিভাগৰ বিষয়াৰে মিলি নিতৌ পূৰ্ণগতিত চলিছে বালি ছিণ্ডিকেট ৷

দৈনিক 40-50খন ডাম্পাৰ, ট্ৰাক, টেক্টৰেৰে অবৈধভাৱে বালি কঢ়িয়াইছে কপিলী নৈৰ পৰা ৷

এই কাৰ্যত অতিষ্ঠ হৈ পৰা বৃহত্তৰ অঞ্চলটোৰ একাংশ ক্ষুব্ধ ৰাইজে বৃহস্পতিবাৰে নিশা জব্দ কৰে দুখন বালি ভৰ্তি ডাম্পাৰ ৷ কিয়নো, দৈনিক 40-50খন সৰু-বৰ গাড়ীৰে বালি কঢ়িয়াওৱাৰ ফলত বিনষ্ট হৈছে বৃহত্তৰ অঞ্চলটোৰ যাতায়াতৰ পথসমূহ ৷

স্থানীয় ৰাইজৰ অভিযোগ মতে, মৰিগাঁও জিলা বন বিভাগ আৰু ধৰমতুল বনাঞ্চলিক বিষয়াৰ লগত থকা গোপন যোগসূত্ৰৰ ফলতেই দৈনিক অব্যাহত আছে বালি মাফিয়াৰ গুণ্ডাৰাজ ৷

বালি মাফিয়াক গ্ৰেপ্তাৰৰ দাবী ক্ষুব্ধ ৰাইজৰ
ঘটনাস্থলীত উপস্থিত আৰক্ষী

উল্লেখযোগ্য যে, অবৈধ বালি কঢ়িওৱাত বাধা প্ৰদান কৰা স্থানীয় ৰাইজক গাড়ীৰে মহতিয়াই নিয়াৰ ভাবুকি প্ৰদান কৰে বালি মাফিয়াই ৷

ৰাইজক গাড়ীৰে মহতিয়াই নিয়াৰ ভাবুকি বালি মাফিয়াৰ

ঘটনাস্থলীত ধৰমতুল আৰক্ষী উপস্থিত হৈ জব্দ কৰে ডাম্পাৰ দুখন ৷ এই সন্দৰ্ভত স্থানীয় ৰাইজে অবৈধ বালি মাফিয়াক গ্ৰেপ্তাৰৰ দাবী জনায় জিলা প্ৰশাসনৰ ওচৰত ৷

লগতে পঢ়ক: ইটা ভাটাৰ বিৰুদ্ধে ধুবুৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান

Intro:মৰিগাঁৱত অবৈধ বালি মাফিয়াৰ দপদপনি। বন বিভাগৰ বিষয়াৰে মিলি কপিলি নদীত অব্যাহত বালি খনন । নিশা দুই অবৈধ বালি কঢ়িওৱা ডাম্পাৰ আবদ্ধ ৰাইজৰ ।পৰিস্থিতি উত্তপ্ত। ঘটনা স্হলীত উপস্থিত আৰক্ষী।

Body: মৰিগাঁৱত শাসকীয় দলৰ পালিনেতাৰ বালিচিণ্ডিকেট।চৰকাৰক কৰফাকিৰে কপিলি অবৈধ বালি খননৰ অভিযোগ।মৰিগাঁৱত বালি মাফিয়াৰ গুন্দাৰাজ। দৈনিক ৪০/৫০খন ডাম্পাৰ, ট্ৰাক,টেক্টৰৰে বালি কঢ়িয়াই ৰাজহ ফাকি। অতিষ্ঠ বৃহত্তৰ গড়কাটাবড়ী,চনোৱাবড়ী,পদুম পুখুৰী,মেৰুৱাগাঁও,জোৰগাঁৱকে ধৰি ছয়,সাত গাঁৱৰ ৰাইজ অতিষ্ঠ।
উত্থাপিত অভিযোগ মতে মৰিগাঁও জিলা বন বিভাগৰ আৰু ধৰমতুল বনাঞ্চলিক বিষয়াই গোপন মই তিৰালিৰে কপিলী নদীত অবৈধ বালি খনন অব্যাহত।
দৈনিক ৪০/৫০খন সৰু বৰ গাড়ীৰে বালি কঢ়িয়াই নষ্ট অঞ্চলটোৰ ৰাষ্টাঘাট। পৰিপ্ৰেক্ষিতত অতিষ্ঠ হৈ পৰিছে সহজ সৰল বাসীন্দাসকল। সেয়ে শুক্ৰবাৰে নিশা অবৈধ ভাৱে বালি কঢ়িওৱা এই দুই ডাম্পাৰ জব্দ কৰি জিলা প্ৰশাসনক বালি মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ জনায় দাবী।
উল্লেখযোগ্য যে অবৈধ বালি কঢ়িওৱাত বাধা প্ৰদান কৰা গড়কাটাবড়ী গাৱৰ ৰাইজক গাড়ীৰে মহতীয়াই নিয়াৰ দৰে ভাবুকি প্ৰদান কৰে শাসকীয় দলৰ বালি মাফিয়াৰ। byte:
ঘটনা স্হলীত ধৰমতুল আৰক্ষী উপস্থিত হৈ অবৈধ বালি কঢ়িওৱা ডাম্পাৰ দুখন জব্দ কৰে ।

Conclusion:ratul deka,etv Bharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.