মৰিগাঁও, 9 চেপ্তেম্বৰঃ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰিগাঁৱৰ হোমিঅপেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথে ৷ বহিঃৰাষ্ট্ৰলৈ আমন্ত্ৰিত হোমিঅপেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথ ৷ কেণ্ঠ ফাৰ্মাচিটিউকেলচ কলকাতাৰ উদ্যোগত গোৱাত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় হোমিওপেথিক চিকিৎসক সন্মিলনত অংশ গ্ৰহণ কৰি বিশেষ সন্মান কঢ়িয়াবলৈ সক্ষম হয় চিকিৎসকগৰাকী ৷ দেশৰ বিভিন্ন প্ৰান্তৰৰ আগশাৰী হোমিওপেথিক চিকিৎসকসকলে অংশগ্ৰহণ কৰা সন্মিলন খনিত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ হৈ এক মাত্ৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰে হোমিওপেথিক চিকিৎসকগৰাকীয়ে ৷ চিকিৎসা বিজ্ঞানৰ অন্যতম চিকিৎসা সেৱা পদ্ধতি হোমিওপেথিক চিকিৎসা সেৱাই বৰ্তমান সময়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰি বৰ্তমান সময়ত হোৱা ৰোগ সমূহৰ চিকিৎসা পদ্ধতিৰ ওপৰত সাৱলীল ভাষণ প্ৰদান কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয় ডাঃ নাথ ৷ উল্লেখ্য যে ২৮ আগষ্টৰ পৰা ৩১ আগষ্টত সামৰণি পৰা সন্মিলন খনিত দেশৰ হোমিওপেথিক চিকিৎসা সেৱা উন্নতি কৰণৰ ওপৰতো আলোচনা কৰি দেখুওৱা পাৰদৰ্শিতাৰ বাবে অহা ডিচেম্বৰত ডুবাই আৰু জানুৱাৰীত থাইলেণ্ডত অনুষ্ঠিত হ'ব লগীয়া হোমিওপেথিক চিকিৎসকা সেৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰিত হৈছে চিকিৎসকগৰাকী ৷
ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে মৰিগাঁৱৰ হোমিঅপেথিক চিকিৎসকে - হোমিওপেথিক চিকিৎসক সন্মিলন
ডুবাই আৰু থাইলেণ্ডলৈ আমন্ত্ৰিত হোমিঅপেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথ ৷ গোৱাত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় হোমিওপেথিক চিকিৎসক সন্মিলনত বিশেষ সন্মান কঢ়িয়াবলৈ সক্ষম ৷
মৰিগাঁও, 9 চেপ্তেম্বৰঃ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰিগাঁৱৰ হোমিঅপেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথে ৷ বহিঃৰাষ্ট্ৰলৈ আমন্ত্ৰিত হোমিঅপেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথ ৷ কেণ্ঠ ফাৰ্মাচিটিউকেলচ কলকাতাৰ উদ্যোগত গোৱাত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় হোমিওপেথিক চিকিৎসক সন্মিলনত অংশ গ্ৰহণ কৰি বিশেষ সন্মান কঢ়িয়াবলৈ সক্ষম হয় চিকিৎসকগৰাকী ৷ দেশৰ বিভিন্ন প্ৰান্তৰৰ আগশাৰী হোমিওপেথিক চিকিৎসকসকলে অংশগ্ৰহণ কৰা সন্মিলন খনিত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ হৈ এক মাত্ৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰে হোমিওপেথিক চিকিৎসকগৰাকীয়ে ৷ চিকিৎসা বিজ্ঞানৰ অন্যতম চিকিৎসা সেৱা পদ্ধতি হোমিওপেথিক চিকিৎসা সেৱাই বৰ্তমান সময়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰি বৰ্তমান সময়ত হোৱা ৰোগ সমূহৰ চিকিৎসা পদ্ধতিৰ ওপৰত সাৱলীল ভাষণ প্ৰদান কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয় ডাঃ নাথ ৷ উল্লেখ্য যে ২৮ আগষ্টৰ পৰা ৩১ আগষ্টত সামৰণি পৰা সন্মিলন খনিত দেশৰ হোমিওপেথিক চিকিৎসা সেৱা উন্নতি কৰণৰ ওপৰতো আলোচনা কৰি দেখুওৱা পাৰদৰ্শিতাৰ বাবে অহা ডিচেম্বৰত ডুবাই আৰু জানুৱাৰীত থাইলেণ্ডত অনুষ্ঠিত হ'ব লগীয়া হোমিওপেথিক চিকিৎসকা সেৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰিত হৈছে চিকিৎসকগৰাকী ৷
*গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত বৰ্তমানে প্ৰাদুভাৱ হৈ থকা ৰোগৰ ওপৰত ভাষণ প্ৰদান কৰি বুটলিলে প্ৰশংসা*
*ডাঃ নাথৰ পাৰদৰ্শিতাৰ বাবে ডুবাই আৰু থাইলেণ্ডত অনুষ্ঠিত হব লগীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰণ লাভ*
মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে অলপতে গোৱাত কেণ্ঠ ফাৰ্মাচিটিউকেলচ কলকাতাৰ উদ্যোগত অনুষ্ঠিত হোৱা তৃতীয় ৰাষ্ট্ৰীয় হোমিওপেথিক চিকিৎসক সন্মিলনত অংশ গ্ৰহণ কৰি বিশেষ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । দেশৰ বিভিন্ন প্ৰান্তৰৰ আগশাৰী হোমিওপেথিক চিকিৎসক সকলে অংশগ্ৰহণ কৰা সন্মিলন খনিত সমগ্ৰ উত্তৰ -পূৰ্বাঞ্চলৰ হৈ এক মাত্ৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰে হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে। চিকিৎসা বিজ্ঞানৰ অন্যতম চিকিৎসা সেৱা পদ্ধতি হোমিওপেথিক চিকিৎসা সেৱাই বৰ্তমান সময়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰে ডাঃ নাথে। তেঁও বৰ্তমান সময়ত প্ৰাদুভাৱ হোৱা ৰোগ সমূহৰ চিকিৎসা পদ্ধতিৰ ওপৰত সাৱলীল ভাষণ প্ৰদান কৰি সকলোৱে প্ৰশংসা বুটলিবলৈ সক্ষম হয়। তদুপৰি সমগ্ৰ দেশতে হোমিওপেথিক চিকিৎসক সকলে ভোগ কৰি অহা সমস্যা সমূহৰ লগতে নতুন নতুন ৰোগ সমূহৰ প্ৰতিৰোধৰ ওপৰতো সন্মিলনত বিশেষ ভাবে আলোকপাত কৰা হয়। উল্লেখ্য যে ২৮ আগষ্টৰ পৰা ৩১ আগষ্টত সামৰণি পৰা সন্মিলন খনিত দেশৰ হোমিওপেথিক চিকিৎসকা সেৱা উন্নতি কৰণৰ ওপৰতো আলোচনা কৰে। মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে দেখুওৱা পাৰদৰ্শিতাৰ বাবেই অহা ডিচেম্বৰত ডুবাই আৰু জানুৱাৰীত থাইলেণ্ডত অনুষ্ঠিত হব লগীয়া হোমিওপেথিক চিকিৎসকা সেৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰণ হৈছে ।bytes:dr. R.kr.nathConclusion:Ratuldeka etv Bharat morigaon