মৰিগাঁও,16 অক্টোবৰঃ অতিজৰে পৰা গ্ৰাম্য জীৱনৰ এক অবিচ্ছেদ্য অংগ তথা এক চিনাকী পৰিচয় প্ৰতিঘৰৰ চোতালত ৰাখি থোৱা গৰুগাড়ীখন । অৱশ্যে দুই এঘৰৰ চোতালত মহৰ গাড়ীখনো থকা দেখিবলৈ পোৱা গৈছিল ৷ একালত প্ৰতিঘৰ গৃহস্থৰ বাবে আপুৰুগীয়া সম্পদ সমূহ ভিতৰত কাঠ-বাঁহৰে তৈয়াৰ কৰা গৰু বা ম'হৰ গাড়ী খনে কৃষি জীবি গৃহস্থক কৰি ৰাখিছিল গৌৰাৱান্বিত।
একালত কৃষি জীবি চহা গাঁৱবাসীৰ লগত এক এৰাব নোৱাৰা সৰ্ম্পক এই গাড়ীখনৰ লগত ৷ গাড়ীখন নিৰ্মাণৰ ক্ষেত্ৰত যদিও কাঠ-বাঁহৰেই প্ৰয়োজন ;কিন্তু গৰু অথৱা মহৰ এই গাড়ী প্ৰস্তুত কৰি উলিওৱাৰ আঁৰত জৰিত হৈ থাকে এক শ্ৰেণীৰ ব্যক্তিও ৷ বিশেষকৈ গাড়ীৰ চকাযোৰ নিৰ্মাণৰ বাবে জডিত হয়হি দেশৰ অন্য প্ৰান্তৰ পৰা অহা একাংশ পাকৈত ব্যক্তি ৷ এই ব্যক্তি সকলৰ দ্বাৰা এযোৰ ভাল চকা পাবৰ বাবে অঞ্চলটোৰ লগতে বহু দূৰদুৰণীৰ পৰা মানুহ আহি উপস্থিত হয়হি তেঁওলোকৰ চকা নিৰ্মাণ কাৰখানাত ৷ এই সকলৰ মাজৰে এটা চিনাকী পৰিচয় আছিল মধ্য অসমৰ শৰ্মা উপাধিৰ এজন ব্যক্তি ৷ 1925 চনতে বিহাৰৰ পৰা আহি চকা বনোৱা জীৱিকাত নিয়োজিত হৈ বৰ্তমানলৈকে অব্যাহত ৰাখিছে সেই পৰম্পৰাৰ লগতে জীবিকা ।
1925ৰ পৰা 2020 চন । এক শতিকা যোৰা এক সুদীৰ্ঘ পৰিক্ৰমা । বৃট্ৰিছৰ আমোলতে মধ্য অসমৰ বৰ্তমানৰ মৰিগাঁৱস্থীত লাহৰীঘাটলৈ আহিছিল বিহাৰী সম্প্ৰদায়ৰ দুই পিতা-পুত্ৰ। কেইপদ মান লোৰ সঁজুলি,কেইটুকুৰা মান শাল,চেগুনৰ কাঠ আদিৰে গাড়ীৰ কাঠৰ চকা বনোৱা কাৰখানাত আত্মনিযোগ কৰিছিল বিহাৰী সম্প্ৰদায়ৰ এই দুই পিতা-পুত্ৰই । মৰিগাঁও লাহৰীঘাটৰ এইটো ক্ষুদ্ৰ গ্ৰাম্য কাৰখানাতো এতিয়াও চলাই আছে পুত্ৰ গোৰক্ষ শৰ্মাই । এটা জৰ্ৰাজীৰ্ণ পজাৰ পৰাই চলাই গৈছে কাৰখানাৰ কাম ৷
সম্প্ৰতি সামাজিক পৰিৱৰ্তন লগে লগে এলাগী হ'ল গৰু গাড়ী অথবা মহৰ গাড়ীৰ। পূৰ্বে পাহাৰৰ শাল, শেচু, সোণাৰু আদিৰ দৰে গছৰ টান কাঠৰে চকা নিৰ্মাণ কৰিছিল যদিও বৰ্তমান ভৈয়ামৰ কাঠৰে নিৰ্মাণ কৰে গাড়ীৰ চকা। এটা চকা নিৰ্মাণৰ পাৰিশ্ৰমিক 12/20 হাজাৰ টকা হোৱাৰ লগতে চকাৰ চাহিদা ওপৰত নিৰ্ভৰ কৰি পূৰ্বে আঘোণৰ বতৰত পাঁচ/ছয় জনলৈকে শ্ৰমিক নিয়োগ কৰিছিল যদিও সম্প্ৰতি কমি গৈছে চকাৰ চাহিদা । এই বৃত্তিৰ জৰিয়তেই ধন উপাজন কৰি মূল বসতি স্থান বিহাৰত থকা আঠজনীয়া পৰিয়ালটোৰ পোহপাল দি অহা গোৰক্ষ শৰ্মাই পৰৱৰ্তী সময়ত ল'ৰাক কাৰখান তথা এই প্ৰাচীন বৃত্তিৰ ভাৰ দি যোৱাৰ হেপাঁহ। অৱশ্যে বৰ্তমানৰ প্ৰযুক্তিৰ ধামখুমিয়াত হেৰাই যাৱ নেকি গৰু অথবা মহৰ গাড়ীৰ চকা নিৰ্মাণৰ এই পৰম্পৰা !
লগতে পঢ়কঃ পূজাক লৈ কি পৰিকল্পনা অসমৰ জনপ্ৰিয় অভিনেত্ৰীৰ