ETV Bharat / state

মৰিগাঁৱত দৌলোৎসৱৰ সোণালী জয়ন্তী পালন - সোণালী জয়ন্তী

ৰাজ্যৰ বৰদোৱা,বৰপেটা,মধুপুৰ আৰু মাজুলীৰ লগতে মৰিগাঁও তৰাণি কলবাৰী ঐতিহ্যমণ্ডিত দৌল মন্দিৰত শ্ৰীকৃষ্ণৰ দৌলোৎসৱৰ পাঁচদিনীয়া সোণালী জয়ন্তী উৎসৱ পালন । ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতীকৰ চৰণত আশীৰ্বাদ বিচাৰি ভকত বৈষ্ণৱৰ ভিৰ ।

দৌলোৎসৱ পালন
দৌলোৎসৱ পালন
author img

By

Published : Mar 9, 2020, 11:32 PM IST

মৰিগাঁও,9 মাৰ্চঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো বৈদিক ৰীতি-নীতিৰে তৰাণি কলবাৰীৰ দৌল মন্দিৰত উদযাপন শ্ৰীকৃষ্ণৰ দৌলোৎসৱৰ । সোণালী জয়ন্তী গৰকা উক্ত দৌল উৎসৱত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে ৷ পাঁচদিনীয়াকৈ আয়োজন কৰা দৌল উৎসৱত পুৱাৰ পৰা ভকত বৈষ্ণৱৰ ভিৰ দেখা যায় । ঐতিহ্যমণ্ডিত এই দৌল উৎসৱত মহাপ্ৰভুৰ আশীৰ্বাদ ল’বলৈ অঞ্চলবাসীৰ লগতে ভিন্ন প্ৰান্তৰ পৰা অগণন ভক্ত বৈষ্ণৱৰ আগমন ঘটে ৷

দৌলোৎসৱ পালন

উল্লেখ্য যে,গকুল বৃন্দাবনৰ লেখীয়াকৈ ঘুনুচা বিবাহৰ লগত সংগতি ৰাখি অঞ্চলটোৰ পুৰুষ মহিলাই আৰু জনসাধাৰণৰ মংগল কামনাৰে বৈদিক ৰীতি-নীতিৰে হোম যজ্ঞ,পূজাৰীৰ মন্ত্ৰোচাৰণ,আয়তীৰ উৰুলী,নামধনিৰে মুখৰিত কৰে চৌদিশ । খাতুলাত ভগৱানৰ আশীষ গ্ৰহণ কৰি ভক্তিৰসত বুৰ যায় দৌল মন্দিৰ প্ৰাংগণ । উৎসৱৰ প্ৰতিদিনে ধৰ্মীয় নাম-প্ৰসংগৰ লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে ৷

লগতে চাওকঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্মীৰ স্বাস্থ্য পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.