মৰিগাঁও, 28 জানুৱাৰী: পিতৃৰ শ্ৰমৰ ধন দাবী কৰি নাপাই পুত্ৰই জ্বলাই দিলে ঘৰ । এই ঘটনা সংঘটিত হৈছে মৰিগাঁও কোমোৰাগুৰি গাঁৱৰ গ্ৰীচ নাথৰ ঘৰত । স্থানীয় লোকৰ পৰা জানিব পৰা মতে মঙলবাৰে গ্ৰীচ নাথে ভূৰবন্ধাৰ সাপ্তাহিক বজাৰ পৰা সন্ধিয়া ঘৰ আহি পোৱা পিছতেই পিতা-পুত্ৰৰ মাজত তৰ্ক বিতৰ্ক শুনিবলৈ পায় ওচৰ চুবুৰীয়াই । ইয়াৰ মাজতে পুত্ৰ নোমল নাথে ঘৰত অগ্নি সংযোগ কৰি নিৰুদ্দেশ হৈ পৰে । পিতা -পুত্ৰৰ মাজত কাজিয়াৰ মূল কাৰণ হৈছে ঘৰুৱা কোনো কামতেই পিতৃক সহায় সহযোগিতা নকৰা উদণ্ড প্ৰকৃতিৰ যুৱক নোমল নাথে পিতৃৰ পৰা ধন বিচাৰিছিল যদিও পিতৃয়ে ধন দিবলৈ অস্বীকাৰ কৰে । পিছত উদণ্ড পুত্ৰ নোমল নাথে গৃহটো জ্বলাই দি বৰ্তমান পলাতক অৱস্থাত থকা বুলি স্থানীয় লোকে জানিব দিয়ে । গৃহটোত ধান, মৰাপাটৰ লগতে ঘৰুৱা সকলো সা-সম্পত্তি ধন-টকা পইচা আদি সম্পুৰ্ণ ৰূপে ভষ্মীভূত হয় । অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪ লক্ষাধিক টকা সা-সম্পত্তি ধ্বংস হোৱা অনুমান । পাছত অগ্নিনিৰ্বাপক বাহিনী গাড়ী উপস্থিত হয়হি যদিও তেতিয়ালৈ গ্ৰীচ নাথৰ গৃহটো সম্পূৰ্ণৰূপে ভস্মীভৃহ হয় ৷ স্থানীয় লোকে যুৱক নোমল নাথক আটক কৰি ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে নিঠৰুৱা হৈ পৰা গ্ৰীচ নাথৰ পৰিয়ালক শীঘ্ৰেই চৰকাৰী সাহাৰ্য্য প্ৰদানৰ দাবী জনাইছে ।
লগতে পঢ়ক:উত্তৰ অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত 40 জন যাত্ৰী