মৰিগাঁও,13 ফেব্ৰুৱাৰী : শুকান পাতবোৰৰ শব্দৰ দাবানলত ফাগুন ধুলিৰ বাট হৈ নামে ৷ স্বপ্নবিলাসী ফাগুনে উৰুঙা বাটেৰে আহি বসন্তক আদৰনি জনাইছে ৷ ফাগুনেই আনে সৰা পাত , লঠঙা ডালৰ বিষাদ ৷ পলাশ মদাৰৰ ঐন্দ্ৰজালিক প্ৰহেলিকা ফাগুনী পছোৱা আৰু অনামী অনুভূতি ৷
আবিৰ সানি আপোনাক মোক ফাগুনী গুলপীয়া কৰিছে। ফাগুনৰ আছে স্বকীয় ব্যাকৰণ। আছে মালিতা। আছে নিজস্ব স্বৰলিপি। আছে ভালপোৱাৰ প্ৰশান্ত সাগৰ। সেয়েহে ফাগুনত কবি সাহিত্যিক শিল্পীৰ হৃদয়ৰ পৰা বাগৰে গীত কবিতা আৰু বহুতো। গছ বিৰিখত ন কুঁহিপাত। বন বিহংগৰ বনগীত। সেয়ে মায়াময় ফাগুন ।
ফাগুনে ৰদ পি খাই সুখৰ দৰে, বৰষুনবোৰ পাহৰি যায় ধূসৰ সপোনৰ দৰে মুঠৰ ওপৰত ফাগুনৰ এই বৰ্ণাঢ্য বৰ্ণিল ব্যঞ্জনাই ব্যঞ্জিত কৰি তোলে সকলোকে ৷ ফাগুনৰ মায়া আছে,ফাগুনে মায়া সানে ৷ ফাগুনে আশাৰ বতৰা আনে,ফাগুনে মন পুলকিত কৰে ৷ নতুন আশাৰ নাম ফাগুন,পুৰাতন শিহৰণৰ নাম ফাগুন,উৰুঙা মনক হেঁচি থকা এবোজা দুখৰ নাম ফাগুন ৷ পিচে উৰুঙা,উদাস,দুষ্ট আদি দুৰ্নামেৰে বদনামী হ'লেও ফাগুনে দিয়ে সৃষ্টিৰ বতৰা ৷ বাংময় মৌনতাৰ বুকুত লিখিত হয় নৱসৃষ্টিৰ বৰ্ণিল পাণ্ডুলিপি ৷
লগতে পঢ়ক: 18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি