ETV Bharat / state

এৰী পলু পালনেৰে স্বাৱলম্বী মৰিগাঁৱৰ এগৰাকী মহিলা - ৰেচম বিভাগ

বহু কষ্ট স্বীকাৰেৰে মৰিগাঁৱত এগৰাকী মহিলাৰ সাতাম পুৰুষীয়া পৰম্পৰা অব্যাহত ৰখাৰ প্ৰচেষ্টা

এৰী পলু পালনেৰে স্বাৱলম্বী মৰিগাঁৱৰ এগৰাকী মহিলা
author img

By

Published : Jun 27, 2019, 8:23 PM IST

মৰিগাঁও, 27জুনঃ ৰাজ্যত ৰেচম বিভাগ মৃত্যুৰ দিশে গতি কৰাৰ সময়তে মৰিগাঁৱত এগৰাকী মহিলাই চলাইছে এৰী পালন। বহু প্ৰত্যাহ্বানৰ মাজেৰে মৰিগাঁৱৰ মৰাকলং ফুলগুৰি গাঁৱৰ পৰিয়ালটোৰ এটা সুকীয়া কোঠাত পালন কৰিছে এৰী। এৰা পালনত এৰাপাত সংগ্ৰহৰ পৰা এৰীসূতা কাটি ৰেচমু চাদৰ বা এৰী কাপোৰ তৈয়াৰ কৰালৈ থকা সকলো প্ৰত্যাহ্বানক ওফৰাই মৰিগাঁৱৰ এইগৰাকী মহিলাই এৰীপালনকে আত্মসংস্থাপনৰ পথ হিচাপে বাছি লৈছে । যদিও এতিয়ালৈকে মহিলাগৰাকীয়ে লাভৰ মুখ দেখা নাই তথাপিও চলাই গৈছে এৰীপালন ৷

Intro:বহু কষ্ট স্বীকাৰেৰে মৰিগাঁৱত এগৰাকী মহিলাৰ সাতাম পুৰুষীয়া পৰম্পৰা অব্যাহত ৰখোৱাৰ প্ৰচেষ্ট।পিছে কি এই সাতামপুৰুষীয়া পৰম্পৰা এই বিষয়ত আমাৰ এক ৰিপৰ্ট।

Body:এৰা আৰু এৰী। এই বিশেষ্য আৰু বিশেষণ পদ দুটা ৰ সৈতে অসমীয়াৰ সম্পৰ্ক বিছিন্ন। একালত এই পদদুটাৰ সৈতে অসমীয়া সমাজ সংস্কৃতিৰ আছিল এৰুৱাব নোৱাৰা সম্বন্ধ। সময়ৰ পৰিবৰ্তনৰ লগে লগে অসমীয়া সমিজ সংস্কৃতিৰ পৰা আতৰি গৈছে এৰা আৰু এৰী।
কব বিচাৰিছো এৰা পলু পালনৰ বিষয়ে। ৰাজ্যত এটা ৰেচম বুলি ব্যাগোম বিভাগ আৰু বিষয়া আছে যদিও বঢ়া নাই ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰতা। বিপৰীতে মৃত্যুৰ দিশেগতি কৰিছে এই বিভাগ টো। পৰিপ্ৰেক্ষিত অসম আৰু অসমীয়াৰ এৰী চাদৰৰ স্বভিমানত কুঠাৰাঘাত। মানুৰ কৰ্মব্যস্ততা আৰু সামাজিক বিৱৰ্তনৰ বাবে এইবিধ কীটপতংগ জাতীয় এৰী পালন কৰিবলৈ বাদ দিলে। তথাপিও বহু প্ৰত্যাহ্বানৰ মাজেৰ মৰিগাঁৱৰ মৰাকলং ফুলগুৰি গাৱৰ এইটো পৰিয়ালত দেখা গৈছে এৰাপালন। এটা সুকীয়া কোঠাত পালন কৰা এৰা সম্প্ৰতি পূৰ্ণবয়স্ক। লাট বন্ধোৱাৰ সময়।
আৰু এইয়া পৰম্পৰাগত ভাৱে শুকান কলপাতত বন্ধোৱা এৰা লাট খুলিছে।byte: aged women farmer.
ইয়াৰ বিপৰীতে এই লাটসমূহ গৰমপানীত সিজোৱাৰ পৰা সূতাকটা লৈ এক দীঘলীয়া পৰিক্ৰমা। সেয়ে পৰিয়াল তথা চুবুৰীয়া মহিলা সকলে ইগৰাকীয়ে সিগৰাকীক এনেসময়ত সহায় আগবঢ়াই।
মুঠতে এৰা পালনত এৰাপাত সংগ্ৰহৰ পৰা এৰীসুতা কাটি ৰেচমু চাদৰ বা এৰী কাপোৰ তৈয়াৰ কৰালৈ থকা সকলো প্ৰত্যাহবানক ওফৰাই মৰিগাঁৱৰ এইগৰাকী মহিলাই এৰাপালনকে আত্মসংস্হাপনৰ পথহিচাপে বাছি লৈছে।byte:women farmer.
অৱশ্যে এতিয়াও দেগানাই লাভৰ মুখ। তথাপিও এবুকু আশাৰে এওঁ এৰা পালনৰ জৰিয়তে ৰাখিছে এৰা আৰু এৰীৰ মাজৰ সু সম্বন্ধ।

Conclusion:Ratul deka,etvbharat.morigaon.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.