মৰিগাঁও, 31জুলাই: মহামাৰী ক'ৰণা আৰু বানৰ সন্ত্ৰাসৰ মাজতে শনিবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব পৱিত্ৰ উৎসৱ ঈদ-ঊজ-জোহা। ইয়াৰ বাবে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চলিছে ঈদ পালনৰ প্ৰস্তুতি। ইছলাম ধৰ্মালম্বী লোকসকলে বিভিন্ন সু-স্বাদু খাদ্য প্ৰস্তুত কৰিছে ৷ জিলাখনৰ মৰিমুছলমান গাঁওবাসীয়েও ঈদ-ঊজ-জোহা পালনক লৈ চলাইছে প্ৰস্তুতি ৷ গাঁওবাসীয়ে আখলত বনাইছে বিধে-বিধে পিঠা-পণা ৷ কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ গাঁওবাসী যাব পৰা নাই যদিও পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰীৰে চলাইছে ঈদ-ঊজ-জোহাৰ প্ৰস্তুতি ৷ কোৰবানিৰ বাবেও অনা হৈছে পশুধন ৷ এই ঈদ ঊজ জোহাই বিশ্বৰ পৰা কৰ'ণা মহামাৰী নিপাত যোৱাৰ বাবে ভগৱান তথা খোদাৰ ওচৰ প্ৰাৰ্থনা জনাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে গাঁওবাসীয়ে
জিলাখনৰ মৰিমুছলমান গাঁৱৰ সমান্তৰালকৈ দলবাৰী, গৰিয়া জাপৰি, বালিমুখ,জাজৰি, জালুগুটি, নগাবন্ধা, লাহৰী ঘাট, মৈৰাবাৰী আদি অঞ্চলৰ মছজিদ, ঈদগাহসমূহো ৰঙীন কৰি তোলা হৈছে এই ঈদ-ঊজ-জোহাৰ বাবে । সকলোৰে আশা এই পৱিত্ৰ ঈদ উজ জোহাই সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক শক্তিশালী কৰিব ৷
অন্য এক খবৰৰ বাবে: কাছাৰত উদ্ধাৰ হোৱা বিদেশী বন্যপ্ৰাণীৰ নামকৰণ বনমন্ত্ৰীৰ
।