ETV Bharat / state

মৰিগাঁৱত প্ৰতিবাদত নামিল জিলা কংগ্ৰেছ - উত্তৰ প্ৰদেশৰ হাথৰাথৰ যুৱতী ধৰ্ষণ কাণ্ড

মৰিগাঁৱত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰাক কেন্দ্ৰ কৰি আৰক্ষী আৰু প্ৰতিবাদ কাৰী মাজত টনা আজোৰা । আৰক্ষী,চিআৰপিএফ বাহিনীৰ পহৰাৰ মাজতে হঠাৎ মৰিগাঁৱত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিকৃতি দাহেৰে মোডী-যোগী হায় হায়, প্ৰতিবাদী শ্ল’গান মৰিগাঁও জিলা কংগ্ৰেছৰ ৷

morigaon effigy burnt by Congress
মৰিগাঁৱত প্ৰতিবাদত নামিল জিলা কংগ্ৰেছ
author img

By

Published : Oct 3, 2020, 9:57 AM IST

মৰিগাঁও,3 অক্টোবৰঃ মোডী-যোগী হায় হায়, বিজেপি গ' বেক, সৰ্বানন্দ সোণোৱাল হায় হায়, ৰাহুল গান্ধী জিন্দাবাদ, মৰিগাঁও জিলা কংগ্ৰেছ জিন্দাবাদ আদি প্ৰতিবাদী শ্ল‘গানত উত্তাল হয় মৰিগাঁও । উত্তৰ প্ৰদেশৰ হাথৰচৰ যুৱতী ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ শুকুৰবাৰে ওলাই আহে মৰিগাঁও জিলা কংগ্ৰেছ ৷

প্ৰতিবাদকাৰী কংগ্ৰেছী কৰ্মীসকলৰ অভিযোগ কৰে যে, এনে ধৰণৰ অমানবীয় ঘটনা ইয়াৰ পূৰ্বে কেতিয়াও ঘটা নাই । দুৰ্ভগীয়া যুৱতীগৰাকীৰ সৎকাৰ কৰিবলৈ দিয়া নহ'ল পৰিয়ালক । আনহাতে এই ঘটনাৰ খবৰ ল'বলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী যোৱাৰ সময়তো যোগী চৰকাৰে বাধা দিয়াই নহয় দু-ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে মৰিগাঁও জিলা কংগ্ৰেছে । শুকুৰবাৰে সন্ধিয়া মৰিগাঁও চহৰৰ মাজমজিয়াত থকা পুলিচ পইন্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি জ্বলাই বিভিন্ন শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে জিলা কংগ্ৰেছৰ প্ৰতিবাদকাৰী সকলে ৷

মৰিগাঁৱত প্ৰতিবাদত নামিল জিলা কংগ্ৰেছ

লগতে পঢ়কঃ আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ উপজা দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.