মৰিগাঁও,13 মাৰ্চঃ নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে মৰিগাঁৱত কেইবালাখ টকা মূল্যৰ ড্ৰাগছসহ চাৰি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ গৰৈমাৰীত আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী কেইটাক ।
লাহৰীঘাট থানাৰ অন্তৰ্গত বৰচলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্তৰ পাঠকৰ নেতৃত্বত চলা অভিযানত আটক কৰা হৈছে ড্ৰাগছ সৰবৰাহকাৰী কেইটাক । ইপিনে ড্ৰাগছ সৰবৰাহকাৰী কেইজনে এ এছ 01 ডি কিউ 4118 নম্বৰৰ এখন এম্বুলেঞ্চেৰে আৰু এ এছ 21 জে 0669 নামৰ এখন বাইকৰ জৰিয়তে দীৰ্ঘদিন ধৰি এই ব্যৱসায় চলাই আহিছিল বুলি সদৰী কৰিছে আৰক্ষীয়ে ।
ইতিমধ্যে ড্ৰাগছ সৰবৰাহকাৰী কেইজন মৰিগাঁৱৰ মৰিমুছলমান জবিৰ আলম, ইজাৰুল আলী, ৰ'নেল হক, নাজিমুদ্দিন ৰহমান আৰু নেকিবুৰ ৰহমান বুলি জানিব পৰা গৈছে । বৰ্তমান ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰি বৰচলা আৰক্ষী চকীত সোধ-পোছ কৰি তদন্ত অব্যাহত ৰখা হৈছে ৷
লগতে পঢ়কঃ যশবীৰ সিঙক দৰঙৰ নিৰ্বাচনী আৰক্ষী পৰ্যবেক্ষকৰ দায়িত্ব