ETV Bharat / state

মৰিগাঁও জিলাত শীঘ্ৰেই স্থাপন হ'ব ষাঠিটা নতুন আধাৰ কাৰ্ড আবেদন কেন্দ্ৰ

author img

By

Published : Sep 12, 2020, 5:00 PM IST

মৰিগাঁৱত স্থাপন হব 60 টা নতুন আধাৰ আবেদন কেন্দ্ৰ ৷ আধাৰ কাৰ্ডৰ বাবে আৰু দীঘলীয়া শাৰী পতাৰ প্ৰয়োজন নাই মৰিগাঁওবাসী ৰাইজে ৷ ইটিভি ভাৰত অসমত বাতৰি প্ৰকাশৰ 12 ঘণ্টাৰ ভিতৰতে তৎপৰ মৰিগাঁও জিলা প্ৰশাসন ৷

এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ বাবে দীঘলীয়া শাৰী পাতি হাট বজাৰত নিশা কটাব নালাগে মৰিগাঁৱৰ ৰাইজে

মৰিগাঁও, 12 চেপ্তেম্বৰ: এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ বাবে দীঘলীয়া শাৰী পাতি হাট বজাৰত নিশা কটাব নালাগে মৰিগাঁৱৰ ৰাইজে ৷ অতি শেহতীয়াকৈ আধাৰ কাৰ্ড আবেদন কৰিবলৈ গৈ ৰাইজে দুৰ্ভোগ ভুগিব লগা হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে তৎপৰ হৈ উঠিছে মৰিগাঁৱ জিলা প্ৰশাসন ৷ সকলোকে কভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনাই মৰিগাঁও জিলা প্ৰশাসনে কয় যে অতি সোনকালেই জিলাখনত আধাৰ কাৰ্ড আবেদনৰ 60 টা নতুন কেন্দ্ৰ স্থাপন কৰা হ'ব ৷ সেয়ে ইমান খৰখেদা কৰাৰ কোনো প্ৰয়োজন নাই ৷

মৰিগাঁৱত স্থাপন হব 60 টা নতুন আধাৰ আবেদন কেন্দ্ৰ

উল্লেখ্য যে ইটিভি ভাৰত অসমত আধাৰ কাৰ্ডৰ বাবে মৰিগাঁৱৰ ৰাইজে সন্মুখীন হোৱা দুৰৱস্থাৰ বাতৰি প্ৰকাশ হোৱাৰ মাথো 12 ঘন্টাৰ ভিতৰতে মৰিগাঁও জিলা প্ৰশাসনক তৎপৰ হৈ উঠা দেখা গ'ল ৷

কাৰ্যালয়ৰ বাৰাণ্ডা,  হাট, বজাৰ আদিত আৰু উজাগৰী নিশা কটাব লগা নহয় মৰিগাঁওবাসীয়ে

শেহতীয়াকৈ আধাৰ কাৰ্ডৰ বাবে জিলাখনত থকা বিভিন্ন আবেদন কেন্দ্ৰত সৃষ্টি হৈ আহিছে দীঘলীয়া শাৰী ৷ দীঘলীয়া শাৰীত থিয় হোৱাৰ পাছতো আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত কাৰ্যালয়ৰ বাৰাণ্ডা,হাট,বজাৰ আদিত বহুজনে উজাগৰী নিশা কটোৱাৰ দৃশ্যও অতি সুলভ হৈ পৰিছে ৷ এই সমগ্ৰ পৰিৱেশ তথা ৰাইজৰ দুৰৱস্থাক লৈ ইটিভি ভাৰত অসমত বাতৰি প্ৰকাশ হোৱাৰ 12 ঘন্টাৰ ভিতৰতে মৰিগাঁও জিলা প্ৰশাসনে অতি তৎপৰ হৈ এতিয়া এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : আধাৰ কাৰ্ড সংগ্ৰহৰ নামত উজাগৰী নিশা কটাইছে মৰিগাঁওবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.