ETV Bharat / state

Manipur Landslide : লাহৰীঘাটৰ নিহত-নিৰুদ্দিষ্ট শ্ৰমিকৰ ঘৰত মৰিগাঁৱৰ উপায়ুক্ত - Dima Hasao youth missing in Manipur landslide

মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ পেগু আৰু অন্যান্য বিষয়াসকলে মৰিগাঁও জিলাৰ কুশতলি, লাওভূৰুংগা আৰু ভূৰাঁগাৱলৈ গৈ মণিপুৰৰ ননে জিলাত ভূমিস্খলনত নিহত মৰিগাঁৱৰ শ্ৰমিকসকলৰ পৰিয়ালৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰে ।

Marigao
Marigao
author img

By

Published : Jul 1, 2022, 7:44 PM IST

মৰিগাঁও, ১ জুলাই : মণিপুৰৰ ভূমিস্খলনত (Manipur tragic landslide death Laharighat labour)) মৃত্যু ঘটিছে লাহৰীঘাটৰ কেইবাজনো শ্ৰমিক । লগতে সন্ধানহীন হৈ আছে আন কেইবাজনো । এই শোকাৱহ ঘটনাত এতিয়া শ্ৰমিকসকলৰ ঘৰে ঘৰে উঠিছে কান্দোনৰ ৰোল । তেনে পৰিস্থিতিৰ মাজতে শুকুৰবাৰে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া উপস্থিত হয় লাহৰীঘাটৰ দুৰ্ভগীয়া শ্ৰমিক পৰিয়ালকেইটাৰ ঘৰত (Morigaon DC visited unfortunate labour families) ।

নিহতৰ পৰিয়ালৰ খবৰ ল'লে মৰিগাঁও উপায়ুক্তই

আজি মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ পেগু আৰু অন্যান্য বিষয়াসকলে মৰিগাঁও জিলাৰ কুশতলি, লাওভূৰুংগা আৰু ভূৰাঁগাৱলৈ গৈ মণিপুৰৰ ননে জিলাত ভূমিস্খলনত নিহত মৰিগাঁৱৰ শ্ৰমিকসকলৰ পৰিয়ালৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰে । লগতে বৰ্তমানেও নিৰুদ্দিষ্ট হৈ থকা শ্ৰমিককেইজনৰ পৰিয়ালৰ লোকসকলকো সহায়ৰ আশ্বাস প্ৰদান কৰে |

মণিপুৰৰ ভূমিস্খলনত নিহতৰ পৰিয়ালক সমবেদনা মৰিগাঁও উপায়ুক্তৰ

উল্লেখ্য, বুধবাৰে সন্ধিয়া মণিপুৰত সংঘটিত হয় ভয়ানক ভূমিস্খলৰ ঘটনা (Tragic landslide in Manipur) । মণিপুৰৰ ননে জিলাৰ টোপোল ৰে'ল ষ্টেচনৰ সমীপত ভূমিস্খলনৰ ফলত এটা ভাৰতীয় সেনাৰ শিবিৰ সম্পূৰ্ণভাৱে ধ্বংস হয় (Army camp destroyed in landslide in Manipur) । আনহাতে, মণিপুৰত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত সন্ধানহীন হৈ আছে ডিমা হাছাও জিলাৰ দুই সেনা জোৱানো (Dima Hasao youth missing in Manipur landslide) ।

লাহৰীঘাটৰ দুৰ্ভগীয়া পৰিয়ালৰ ঘৰত মৰিগাঁও উপায়ুক্ত

উল্লেখ্য, উক্ত শোকাবহ ভূমিস্খলনৰ ঘটনাত 107 টি এ আৰ্মীৰ 9 গৰাকী জোৱানে (9 Army died in Manipur landslide) ইতিমধ্যে অকাল মৃত্যুক সাবটি ল'বলগা হৈছে । আনহাতে, ভাৰতীয় সেনা জোৱানৰ লগতে মুঠ 54 গৰাকী লোক সন্ধানহীন হৈ আছে । হাফলং আৰু উমৰাংচুৰ যুৱক দুগৰাকী উক্ত ভূমিস্খলনৰ ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে (9 Army died in Manipur landslide) । সন্ধানহীন জোৱান দুজনৰ এজন নিম্ন হাফলঙৰ কাশীপুৰৰ প্ৰিয়ম দত্ত বুলি জানিব পৰা গৈছে । অৱশ্যে উমৰাংচুৰ সন্ধানহীন যুৱকজনৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন ডিমা হাছাওৰ ২ সেনা জোৱান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.