ETV Bharat / state

Operation against drunk and driving: জাগীৰোডৰ ৰাজপথত মৰিগাঁও জিলাৰ উপায়ুক্ত

পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰাত ব্যস্ত সকলো । কিন্তু নৱবর্ষ উদযাপনৰ নামত সুৰাপান কৰা চালকে দুৰ্ঘটনা সংঘটিত কৰাৰ আশংকাত চৌদিশে সুৰাপায়ী চালকৰ বিৰুদ্ধে সষ্টম হৈছে আৰক্ষী । কিন্তু মৰিগাঁৱত যান বাহন আইন অমান্য কৰা চালকৰ বিৰুদ্ধে ৰাজপথত নামি পৰিছে খোদ মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা(Morigaon DC Devashish Sharma) ।

morigaon-dc-operation-against-drunk-driving
জাগীৰোডৰ ৰাজপথত মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা
author img

By

Published : Dec 31, 2022, 10:28 PM IST

ধিং, ৩১ ডিচেম্বৰ: বৰ্ষৰ অন্তিম দিন শনিবাৰে ৰাজপথত যানবাহন তালাচী অভিযান চলালে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই(Morigaon DC Devashish Sharma) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশনা আখৰে আখৰে পালন কৰি ৰাজপথত তালাচী অভিযানত নামিল খোদ জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা । নৱবর্ষক আদৰাৰ নামত কোনেও যাতে যানবাহন আইন অমান্য নকৰে তাৰবাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই জাগীৰোড টাউনৰ মাজমজিয়াদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি অন্যান্য পথেৰে চলাচল কৰা যানবাহন পৰীক্ষা-নিৰীক্ষা চলায়(Morigaon DC Operation against drunk driving) ।

morigaon-dc-operation-against-drunk-driving
জাগীৰোডৰ ৰাজপথত মৰিগাঁও জিলাৰ উপায়ুক্ত

জিলা আৰক্ষী প্ৰশাসন, পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীসকলক লগত লৈ উপায়ুক্তগৰাকীয়ে ৰাজপথত নামি যানবাহন পৰীক্ষা কৰা দৃশ্যই আকৰ্ষণ কৰে সকলোৰে দৃষ্টি । উল্লেখযোগ্য যে অসম বাসীয়ে নৱবৰ্ষক উদযাপন কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰেও কেতবোৰ নীতি নিয়ম বান্ধি দি জিলা প্ৰশাসনক নিৰ্দেশনা প্ৰেৰণ কৰিছে । চৰকাৰৰ এই নিৰ্দেশনা মতে মৰিগাঁও জিলা প্ৰশাসনেও জিলাখনৰ পৰিবেশ সংৰক্ষণ আৰু সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশনা মানি চলাটো বাধ্যতামূলক কৰিছে ।

ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনে অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জিলাখনৰ তেলাহী, ভুৰাগাঁও, জাগীৰোড, মৈৰাবাৰী, লাহৰীঘাট আদি অঞ্চলকে ধৰি জিলাখনৰ বিভিন্ন ঠাইত আৰম্ভ কৰিছে এক বিশেষ অভিযান । আগন্তুক নৱবৰ্ষৰ গইনা লৈ যাতে গাড়ী মটৰ চলাওতে কোনো অনিয়ম তথা অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি তীক্ষ্ণ নজৰ দিয়া পৰিলক্ষিত হৈছে মৰিগাঁও জিলা প্ৰশাসনে । কেৱল এয়াই নহয় জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিছে ।

জিলা পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে আৰক্ষীৰ সহযোগত চলিছে এই অভিযান । সমগ্ৰ মৰিগাঁও জিলাৰ চুকে-কোনে চলা এই অভিযানত কোৱা হৈছে সুৰাপান বা অন্য কোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰি গাড়ী নচলাব, দুচকীয়া যানবাহন চলাওতে হেলমেন্ট ব্যৱহাৰ কৰা, তীব্ৰ বেগেৰে গাড়ী নচলাব, গাড়ী চলাওতে ম'বাইল ব্যৱহাৰ নকৰিব তথা চাৰিচকীয়া গাড়ী চলাওতে চিট বেল্ট ব্যৱহাৰ কৰিব(Operation against drunk driving) । ৩১ ডিচেম্বৰত সন্ধিয়াৰ পৰা জিলাখনৰ জাগীৰোডত চলোৱা তালাচী অভিযানত বহুকেইখন চাৰিচকীয়া আৰু দুচকীয়া বাহন জব্দ কৰা হয় জিলা উপায়ুক্তৰ উপস্থিতিত ।

যান বাহন আইন অমান্য কৰা চালকক জৰিমনা বিহাৰ উপৰিও বহু চালকক নীতি শিক্ষাও দিয়ে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই । ইপিনে জিলাখনৰ মৈৰাবাৰীতো মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই বহুকেইখন মটৰ চাইকেল জব্দ কৰি জৰিমনা বিহাৰ ব্যৱস্থা কৰে । মুঠতে চৰকাৰৰ নীতি নিয়মৰ মাজেৰে যাতে সকলোৱে নৱবৰ্ষক উদযাপন কৰে তাৰ বাবেই লোৱা হৈছে এই পদক্ষেপ ।

লগতে পঢ়ক: Assam District Remerges: কেবিনেটৰ সিদ্ধান্ত অসমবাসীৰ বাবে চূড়ান্ত অপমান: দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.