মৰিগাঁও, ৩০ ডিচেম্বৰ: বুধবাৰে মৰিগাঁৱত এনাৰ্জী কনজাৰ্ভেছন বিল্ডিং ক'ডৰ ওপৰত এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । জিলা উপায়ুক্ত লীনা দাসৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দিনৰ ১১.৩০ বজাত এই অনুষ্ঠান আয়োজন কৰা হয় । ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ে বাণিজ্যিক গৃহ নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় জলবায়ুৰ লগত সামঞ্জস্য ৰাখি কিদৰে স্বাস্থ্যসন্মতভাৱে গৃহ নিৰ্মাণ কৰিব লাগে এই বিষয়ত এক নিয়মাৱলী নিৰ্ধাৰণ কৰিছে ।
![মৰিগাঁৱত জিলা উপায়ুক্তৰ কাৰ্যালয়ত ECBC বিষয়ক প্ৰশিক্ষণ কাৰ্যসূচী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-30-dc-dcmeeting-rtu-804-vis-img-bt-as10005_30122020180353_3012f_1609331633_722.jpg)
অসম ৰাজ্যিক ডেজিগনেটেড সংস্থাৰ সহযোগত অসমৰ ECBCৰ কোষে চৰকাৰৰ প্ৰযুক্তিৰ পেছাদাৰীসকলৰ মাজত সজাগতা আনিবলৈ আজি এই কাৰ্যসূচী অনুষ্ঠিত কৰে । ECBCৰ জ্যেষ্ঠ প্ৰকল্প বিষয়া অংগনা দাস আৰু দানে ডেনিয়েলে ECBCৰ ওপৰত এক বিস্তৃত ব্যাখ্য আগবঢ়ায় । ECBCৰ মুখ্য প্ৰশিক্ষক ৰাগিনী গোস্বামীয়েও বাণিজ্যিক গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধনতাৰ বিষয়ে বক্তব্য আগবঢ়ায় আৰু সঠিক পৰিকল্পনাৰে গৃহ নিৰ্মাণ কৰিলে কি কি দিশত লাভান্বিত হ'ব পাৰি তাৰ ওপৰত সাৱলীলভাৱে বিশ্লেষণ দাঙি ধৰে ।
জিলা উপায়ুক্ত লীনা দাসে আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আয়ত্ব কৰা শিক্ষাসমূহ ভবিষ্যতে জিলাখনৰ উন্নয়নৰ কামত প্ৰয়োগ কৰিবলৈ সকলোকে আহ্বান জনায় । আজিৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিভাগৰ অভিযন্তাসকল উপস্থিত থাকে ।
লগতে পঢ়ক:নৌসেনাৰ ১০গৰাকীকৈ মহিলা বিষয়াৰ অৱসৰ স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে