ETV Bharat / state

মৰিগাঁৱত সোমবাৰে ২,৭৮১ গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত

author img

By

Published : May 18, 2021, 1:58 PM IST

সোমবাৰে মৰিগাঁও জিলাত ক’ভিভ ৰোগীৰ সংখ্যা ২,৭৮৩ গৰাকীলৈ বৃদ্ধি । সোমবাৰে ১,৫১৫ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে ১৯৮ গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ।

মৰিগাঁৱত সোমবাৰে ২৭৮১ গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত

মৰিগাঁও,18 মে’: সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো ক’ভিড আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে ৷ জিলা স্বাস্থ্য বিভাগে জনোৱা অনুসৰি সোমবাৰৰ দিনটোত মৰিগাঁৱত ক’ভিভ ৰোগীৰ সংখ্যা ২,৭৮৩ গৰাকীলৈ বৃদ্ধি পাইছে । আনফালে, সোমবাৰে জিলাখনৰ বিভিন্ন ক’ভিড কেন্দ্ৰত ১,৫১৫ গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয় ৷ ইয়াৰে ১৯৮ গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত হয় ।

উল্লেখ্য যে, মৰিগাঁৱত ৬০,২৮৯ গৰাকী লোকৰ ক’ভিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হয় । সোমবাৰলৈ এই সংখ্যাৰে ২,৭৮১ গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ এই বিষয়ে সোমবাৰে চিকিৎসা বিভাগে এক প্ৰেছ বিজ্ঞপ্তিত সদৰী কৰিছে । সম্প্ৰতি ১,৫৮০ গৰাকী লোকক চিকিৎসকে ক’ভিড মুক্ত বুলি চিনাক্ত কৰিছে । আনহাতে, মৰিগাঁৱত আৰোগ্যৰ হাৰ ৫৬.৮১ শতাংশ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : বৰপেটাত ক'ভিডত আক্ৰান্তৰ সংখ্যা 3,380 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.