ETV Bharat / state

মায়ঙৰ খলনী বিল পথালি গাঁও ছেনিটাইজ কৰিলে প্ৰশাসনে

author img

By

Published : Jun 9, 2021, 1:18 PM IST

মৰিগাঁৱত বৃদ্ধি পাইছে ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ । এখনৰ পিছত আনখন গাঁৱক কণ্টেইনমেণ্ট জ'ন(CONTAINMENT ZONE) হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে অধিক তৎপৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । বুধবাৰে মায়ঙৰ খলনী বিল পথালি গাঁৱত ছেনিটাইজাৰ আৰু খাদ্য সামগ্ৰী যোগান ধৰে জিলা প্ৰশাসনে ।

MORIGAON COVID SITUATION
খলনী বিল পথালি গাঁৱত ছেনিটাইজাৰ, খাদ্য সামগ্ৰী যোগান প্ৰশাসনৰ

মৰিগাঁও,৯ জুন: মৰিগাঁৱত ক্ৰমান্বয়ে বেয়াৰ ফালে গতি কৰিছে ক'ভিড পৰিস্থিতি(COVID SITUATION) । জিলাখনত শেহতীয়াকৈ বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা । অধিক ক'ভিড ৰোগী(COVID PATIENT) থকা গাঁৱসমূহক কণ্টেইনমেণ্ট জ'ন(CONTAINMENT ZONE) হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । লগতে সাৱধানমূলকভাৱে গাঁৱবোৰ ছেনিটাইজ(SANITIZE) কৰিছে প্ৰশাসনে ।

বুধবাৰে জিলা প্ৰশাসনে মায়ঙৰ খলনী বিল পথালি গাঁৱৰ পৰিয়ালসমূহক ছেনিটাইজাৰ আৰু খাদ্য সামগ্ৰী যোগান ধৰে । গাঁৱখন ছেনিটাইজ কৰে প্ৰশাসনে । যোৱা ১ জুনত গাঁৱখনৰ বহু লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু অধিকাংশ লোকৰ দেহতে ধৰা পৰিছিল কৰ'ণা(CORONA) ভাইৰাছৰ অৱস্থিতি ।

ইয়াৰ পিছতে প্ৰশাসনে গাঁৱখনক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে । লগতে গাঁৱখনৰ পৰা যাতে কোনো লোকে বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু কোনো লোক আন ব্যক্তিৰ সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ বাবে গাঁৱখনৰ চাৰিওফালে বেৰিকেড দি প্ৰশাসনে কটকটীয়া দৃষ্টি ৰাখিছে ।

ঘৰতে থাকিবলগীয়া হোৱাত গাঁৱবাসীয়ে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গাঁৱখনৰ লোকসকলক প্ৰশাসনৰ তৰফৰ পৰা নিত্য প্ৰয়োজনীয় কিছু সামগ্ৰী যোগান ধৰা হয় ।

লগতে পঢ়ক: ফেনে-ফুটুকাৰে বাঢ়ি আহিছে আই নদী: জলমগ্ন কেইবাখনো গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.