মৰিগাঁও, 8 ফেব্ৰুৱাৰীঃ মৰিগাঁৱত পথ নিৰ্মাণৰ নামত চৰম দুৰ্নীতি ৷ পোন্ধৰ দিনৰ পাচতেই খহিল কোটিটকীয়া আঁচনিৰ ফুটপাথ ৷ দৈব্যক্ৰমে ৰক্ষা পৰিল স্কুলীয়া ছাত্ৰ-ছাত্ৰী । জালুগুটিৰ শিৱম পথ নিৰ্মাণকাৰী নামৰ সংস্থাটোৰ বিৰুদ্ধে নলতলী-মৰিগাঁও-নাৰেংগী পথছোৱাত হাট বজাৰৰ দুয়োপাৰত পানী নিষ্কাশনৰ বাবদ নলা নিৰ্মাণ কৰাৰ নামত চৰকাৰী ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে শুকুৰবাৰে মৰিগাঁও জালুগুটিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গেটৰ সন্মুখত এখন টেক্টৰ শ্লেট ভাগি দুৰ্ঘটনাগ্ৰস্ত হয় ।
স্থানীয় ৰাইজৰ অভিযোগ মতে, উক্ত ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ নগাঁৱৰ জনৈক মোজামিল নামৰ ঠিকাদাৰ জনে উপ ঠিকা লৈ দলবাৰীৰ ঠিকাদাৰক কামৰ দায়িত্ব অৰ্পণ কৰি শিল, বালি, ৰডৰ নামত পালমাৰি চৰকাৰী ধনৰ আত্মসাৎ কৰা বুলি উল্লেখ কৰিছে । আৰম্ভণীৰ পৰাই স্থানীয় শিক্ষক সকলে নানা অভিযোগ কৰাৰ পাচতো কোন কানষাৰ নিদিলে ঠিকাদাৰে । যাৰ পৰিপ্ৰেক্ষিতত এনেদৰেই শুকুৰবাৰে খহিল কোটিটকীয়া আঁচনিৰ শ্লেট । এই সন্দৰ্ভত স্থানীয় ৰাইজে ৰাজহচক্ৰৰ বিষয়াৰ জৰিয়তে এই ঘটনা সন্দৰ্ভত উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে ৷