মৰিগাঁও,30 জুলাইঃ মৰিগাঁৱত সোমবাৰে বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে কেথলিক ৰিলিফ চাৰ্ভিছ ইন্দিৰা আৰু মহিলা উন্নয়ন কেন্দ্ৰ মৰিগাঁৱে ৷ সংস্থা দুটাই জিলাখনৰ মায়ং ৰাজহচক্ৰৰ মনহা গাঁও পঞ্চায়তৰ কোঁৱৰগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত বিতৰণ কৰিলে ১৩ বিধকৈ নিত্য প্ৰয়োজনীয় সামগ্ৰী । সৰ্বমুঠ 180 টা পৰিয়ালক প্ৰদান কৰা সাহায্য সামগ্ৰীত মুখ্যত দুখনকৈ টিৰপাল, দুখনকৈ পাটি, দুটাকৈ বাল্টি, একডজনকৈচাবোন, তৰ্চ লাইটসহ মুঠ তিনিহাজাৰ টকাৰ মূল্যৰ সামগ্ৰী বিতৰণ কৰে ৷
মৰিগাঁৱত বন্যাৰ্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ দুই সংস্থাৰ - WDC Morigaon
মৰিগাঁৱত কেথলিক ৰিলিফ চাৰ্ভিছ ইন্দিৰা আৰু মহিলা উন্নয়ন কেন্দ্ৰ মৰিগাঁৱৰ প্ৰশংসনীয় পদক্ষেপ । সোমবাৰে কেথলিক ৰিলিফ চাৰ্ভিছ ইন্দিৰা আৰু মহিলা উন্নয়ন কেন্দ্ৰ মৰিগাঁৱৰ সহযোগত মায়ঙত বানসাহাৰ্য বিতৰণৰ শুভাৰম্ভ ।
মৰিগাঁও,30 জুলাইঃ মৰিগাঁৱত সোমবাৰে বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে কেথলিক ৰিলিফ চাৰ্ভিছ ইন্দিৰা আৰু মহিলা উন্নয়ন কেন্দ্ৰ মৰিগাঁৱে ৷ সংস্থা দুটাই জিলাখনৰ মায়ং ৰাজহচক্ৰৰ মনহা গাঁও পঞ্চায়তৰ কোঁৱৰগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত বিতৰণ কৰিলে ১৩ বিধকৈ নিত্য প্ৰয়োজনীয় সামগ্ৰী । সৰ্বমুঠ 180 টা পৰিয়ালক প্ৰদান কৰা সাহায্য সামগ্ৰীত মুখ্যত দুখনকৈ টিৰপাল, দুখনকৈ পাটি, দুটাকৈ বাল্টি, একডজনকৈচাবোন, তৰ্চ লাইটসহ মুঠ তিনিহাজাৰ টকাৰ মূল্যৰ সামগ্ৰী বিতৰণ কৰে ৷
Body:মৰিগাঁৱত কেথলিক ৰিলিফ চাৰ্ভিছ ইন্দিৰা আৰু মহিলা উন্নয়ন কেন্দ্ৰ মৰিগাঁৱৰ প্ৰশংসনীয় পদক্ষেপ।এককোটিটকাৰ বানসাহাৰ্য বিতৰণৰ লক্ষ্যৰে সোমবাৰে মৰিগাঁও মায়ং ৰাজহচক্ৰত সাহাৰ্য বিতৰণৰ শুভাৰম্ভ। এইয়া তাৰেই দৃশ্য। যিখিনি সময়ত মৰিগাঁও বানাক্ৰান্তৰ মিজত চৰকাৰে তথা জিলা প্ৰশাসনে এখাজ আহাৰ যোগান ধৰিয়েই ৰঙাফিটাৰ মেৰপাকত পৰি হাতসাবতি বহি আছে তেওঁ নে সময়তে জিলাখনৰ মায়ং ৰাজহচক্ৰৰ মনহা গাওঁ পঞ্চায়তৰ কোঁৱৰগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত বিতৰণ কৰিলে ১৩ বিধকৈ নিত্যপ্ৰয়োজনীয় সামগ্ৰী। এটা এটা পৰিয়ালক প্ৰদান কৰিলে দুখনকৈ তিৰপাল,দুখনকৈ পাটি, দুটাকৈ বাল্টি, একদজনকৈ চাবোন,ৰ্তচ লাইটসহ মুঠ তিনিহাজাৰ টকাৰ মূল্যৰ সামগ্ৰী।
সোমবাৰে অঞ্চলত টোত ১৮০ টা পৰিয়ালৰ মাজত বিতৰণ কৰে এই সামগ্ৰী।প্ৰথমদিনাৰ কাৰ্যসূচীত চি আৰ এছ ইন্দিৰাৰ সাহাৰ্য সমন্বয়ক(গ্ৰাণ্ট ক'ৰডিনেটৰ) আব্দুল চয়েদ,আচনি সমন্বয়ক গীতা মজুমদাৰ আৰু মহিলা উন্নয়ন কেন্দ্ৰৰ মুখ্য সমন্বয়ক শশীদানন্দ বৰদলৈয়ে জনোৱা মতে এই বানসাহাৰ্য বিতৰণ আগন্তুক ১৫ দিনলৈ অব্যাহত থাকিব।byte;: coordinator men,women,Hindi /Assamese
Conclusion:ratul deka.etvbharat.morigaon.