ETV Bharat / state

মৰিগাঁৱত বিজেপিত যোগদান কাৰ্যসূচীত সামাজিক দুৰত্ব ভংগ

author img

By

Published : Aug 21, 2020, 2:18 PM IST

মৰিগাঁৱত নিৰ্বাচনী কোচকাৱাজ শাসকীয় দল বিজেপিৰ। সামাজিক দূৰত্ব ভংগৰে যোগদান কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰী, বিধায়ক, সাংসদৰ ৷

Morigaon bjp joining meeting violation social distance
মৰিগাঁৱত সামাজিক দুৰত্ব ভংগ বিজেপিৰ যোগদান কাৰ্যসূচীত

মৰিগাঁও, 21আগষ্টঃ বৃহস্পতিবাৰে সামাজিক দূৰত্ব ভংগৰে বিধায়ক, মন্ত্ৰী, সাংসদৰ দলীয় সভা । মৰিগাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কাৰ্যসূচী । বৃহস্পতিবাৰে মৰিগাঁও জিলা বিজেপিৰ উদ্যোগত মৰিগাঁও বিহুতলী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা দলীয় সভাত কংগ্ৰেছ, অগপ, প্ৰাক্তন আছু, আমছুকে ধৰি সহস্ৰাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে।

মৰিগাঁও জিলা সমিতিৰ সভাপতি প্ৰবীণ মেধিৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা দলীয় সভাত আদৰণি ভাষণ দি মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, আমি ভবাতকৈ অধিক মানুহ আমাৰ দলত যোগদান কৰিছে। এতিয়া কংগ্ৰেছ শূন্য হৈ গ'ল। এতিয়াই সকলো আহিব নালাগে। সকলো আহিলে বেয়া লাগিব, সেয়েহে লাহে লাহে আহিব।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত তেজপুৰৰ সাংসদ তথা বিজেপি ৰাজ্যিক সম্পাদক পল্লব লোচন দাসে কয় যে, ভাৰতীয় জনতা পাৰ্টি শৃংখলাবদ্ধ দল যোগ্যতা অনুসৰি সকলোকে দায়িত্ব দিব দলীয় নেতৃত্বই আৰু আগতকৈ অধিক সংখ্যক আশনত আমাৰ দল বিজয়ী হ’ব। আনহাতে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি হোৱা বিৰ্তকৰ সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মন্তব্য-সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ আছে আৰু এই সন্দৰ্ভত কোনো ধৰণৰ বিৰ্তক নাই।

লগতে পঢ়কঃ চলিত বৰ্ষত কেদাৰনাথৰ 'মোডী গুহা'ত নাই এজনো পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.