ETV Bharat / state

লাহৰীঘাটত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বদৰুদ্দিন আজমল

author img

By

Published : Feb 10, 2021, 9:09 AM IST

লাহৰীঘাটত এআইইউডিএফৰ বিশাল নিৰ্বাচনী সভা । উদাত্ত ভাষণৰে শাসকীয় বিজেপি আৰু কংগ্ৰেছক সমালোচনা মৌলানা বদৰুদ্দিন আজমলৰ ।

লাহৰীঘাটত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত বদৰুদ্দিন আজমল

মৰিগাঁও,10 ডিচেম্বৰঃ ৰাজ্যত সমাগত বিধান সভাক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতি দল সমূহৰ তৎপৰতা বৃদ্ধি পোৱা দেখিৱলৈ পোৱা গৈছে ৷ সম্প্ৰতি বিভিন্ন ৰাজনৈতিক দল সমূহৰ সমান্তৰালকৈ মৰিগাঁৱৰ লাহৰীঘাট বিধান সভা সমষ্টিৰ তিনিচুকীয়া ৰাজীৱ গান্ধী খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে এআইইউডিফ দলক । মঙলবাৰে প্ৰায় দহ সহস্ৰাধিক সমৰ্থক তথা ৰাইজৰ উপস্থিতি এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে ।

ইপিনে উক্ত সভাতে কংগ্ৰেছৰ দলৰ পৰা শতাধিক লোকে যোগদান কৰে সংযুক্ত গণতান্ত্ৰিক মৰ্চাত । উল্লেখযোগ্য যে, লাহৰীঘাট বিধান সভা সমষ্টিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভাত কেইবাজনো কেন্দ্ৰীয় নেতাই অংশ লয় । বিশেষকৈ লাহৰীঘাট বিধান সভা সমষ্টিৰ টিকট প্ৰত্যাশী চিৰ্দ্দিক আহমেদৰ হৈ সমষ্টিৰ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই শ্ৰীমন্ত শংকৰদেৱক লৈ কৰা মন্তব্যৰ বিষয়ে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে আজমলে । আনহাতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এআইইউডিএফ মূৰব্বী গৰাকীয়ে কয় যে, মহাজোঁট বন্ধনৰ প্ৰাৰ্থী জয়ী কৰাৰ বাবে কিছু আসন বুজাবুজিৰ মাধ্যমৰে অৱতীৰ্ণ হ’ব এইবাৰৰ বিধান সভাৰ নিৰ্বাচনত ।

লগতে পঢ়কঃ বিদ্যালয় প্ৰাদেশীকৰণত ভেকুভাওনাৰ অভিযোগ প্ৰাথমিক শিক্ষক সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.