ETV Bharat / state

মৰিগাঁৱত চৰকাৰৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন

নাগৰিকত্ব সংশোধনী আইন আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন উদ্য়োগ নীতি বাতিলৰ দাবীত মৰিগাঁও জিলা আছুৰ নেতৃত্বত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ আছুৰ কৰ্মকৰ্তাসকলে নাগাৰা ,তাল বজাই মানৱ শৃংখল প্ৰদৰ্শন কৰি সাব্য়স্ত কৰে এই প্ৰতিবাদ ৷

Morigaon assu human chain protest against CAA- EIA
মৰিগাঁৱত চৰকাৰৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Aug 10, 2020, 3:50 PM IST

মৰিগাঁও, 10 আগষ্টঃ ৰাজ্যত পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ সোমবাৰে মৰিগাঁৱতো সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰদৰ্শন কৰা হৈছে মানৱ শৃংখল ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন উদ্যোগ নীতিৰ বিৰোধিতাৰে এই প্ৰতিবাদী মানৱ শৃংখল প্ৰদৰ্শন কৰে মৰিগাঁও জিলা আছুৰ কৰ্মকৰ্তা সকলে ৷

মৰিগাঁৱত চৰকাৰৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

ইফালে ছাত্ৰ সন্থাৰ প্ৰতিবাদত মুখৰিত হ'ল মৰিগাঁৱৰ চহৰৰ পৰিৱেশ । আহ ঐ আহ ওলাই আহ , 'কা' আমি নামানো, নৰেন্দ্ৰ মোডী হায়,হায়, সৰ্বানন্দ সোণোৱাল গ' বেক আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।

আনহাতে, সমগ্ৰ ৰাজ্যখনত বছৰে বছৰে বানপানী আৰু গৰাখহনীয়াত ঘৰ দুৱাৰকে আদি কৰি ৰাইজৰ বিস্তৰ ক্ষতি সাধন হয় ৷ কিন্তু ইয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো উপযুক্ত ব্যৱস্থা নকৰি পুনৰ নতুন উদ্যোগ নীতি আইনৰ অধীনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদৰাজিৰ ওপৰত যি লুন্ঠনৰ ষড়যন্ত্ৰ কৰিছে তাক কেতিয়াও দিয়া নহ'ব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক ছাত্ৰ সন্থাৰ সদস্যই অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক- অসম চৰকাৰৰ নিৰ্দেশনাক লৈ ক্ষোভিত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.