মৰিগাঁও,13 ডিচেম্বৰঃ তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনৰ বাবে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ অংশৰূপে দেওবাৰে মৰিগাঁৱৰ ১৬ নং শলমাৰী পৰিষদীয় সমষ্টিত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী নয়নমণি দেউৰীৰ নাচি-বাগি গীত গাই নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়িকা তথা জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকাই ।
তিৱা স্বায়িত্ব শাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিধায়িকা গৰাকীয়ে উদাত্ত কন্ঠৰে বিজেপিৰ মনোনীত প্ৰাৰ্থী নয়নমণি দেউৰীক ভোট দিবলৈ আহ্বান জনাই সমৰ্থকৰ সৈতে উঠিলে চেলফি । আনহাতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়িকা আঙুৰলতা ডেকাই কয়, আমি তিৱা স্বায়ত্ব শাষিত পৰিষদৰ 36 টা পৰিষদীয় সমষ্টিতে নিৰ্বাচনত বিজয়ী হ’ম । ইপিনে তিৱা স্বায়ত্ব শাষিত পৰিষদীয় এলেকাৰ ৰাইজে 17 ডিচেম্বৰত ভোট দিবলৈহে ৰৈ আছে বুলিও মন্তব্য কৰে তেওঁ ।
তিৱা স্বায়িত্ব শাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ বিধায়িকা আঙুৰলতা ডেকাৰ
লগতে পঢ়কঃ এতিয়া বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে শান্তিৰে দিন কটাব পাৰিব:প্ৰমোদ বড়ো