ETV Bharat / state

মৰিগাঁৱত দুই সহস্ৰাধিক কৃষকক উন্নত জাতৰ গোমধনৰ বীজ বিতৰণ - মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰা

মৰিগাঁৱত ২৫০০ কৃষকক উন্নত জাতৰ গোমধনৰ বীজ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই । শনিবাৰে বীজ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি উপায়ুক্তগৰাকীয়ে বানাক্ৰান্ত জিলাখনৰ কৃষকসকলৰ সৱলীকৰণৰ বাবে তিনিবছৰীয়া কৃষি আঁচনি পৰিকল্পনা যুগুতোৱাৰ বিষয়ে কৃষকসকলক সদৰী কৰে ।

মৰিগাঁৱত দুই সহস্ৰাধিক কৃষকক উন্নত জাতৰ গোমধনৰ বীজ বিতৰণ
author img

By

Published : Oct 27, 2019, 12:35 AM IST

মৰিগাঁও,26 অক্টোবৰঃ শনিবাৰে মৰিগাঁৱত এফ চি আইৰ ভঁৰাল ,শীতলীকৰণ গৃহ আৰু মাটি পৰীক্ষণৰ পৰীক্ষাগাৰ স্থাপনত অসম চৰকাৰৰ অনুমোদন কৰাৰ বিষয়ে ৰাইজক অৱগত কৰে উপায়ুক্ত ঋতুৰাজ বৰাই । উল্লেখযোগ্য যে অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে মৰিগাঁও কৃষি ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে উন্নয়নৰ বাবে অগ্ৰাধিকাৰৰ ভিত্তিত গুৰুত্ব প্ৰদান কৰা আৰু আশা ব্যঞ্জক ফলাফল বুলি আশা ব্যক্ত কৰে জিলা উপায়ুক্তগৰাকীয়ে । বিশেষকৈ বানাক্ৰান্ত কৃষক সৱলীকৰণ পদক্ষেপৰ লগত সংগতি ৰাখি শনিবাৰে মৰিগাঁও জিলা কৃষি বিভাগে গোমধান খেতিয়কৰ মাজত উন্নত জাতৰ বীজ বিতৰণৰ শুভাৰম্ভ কৰা হয় । জিলাখনৰ ১৪ খন পথাৰ পৰিচালনা সমিতি আৰু আত্মসহায়ক গোটৰ মাজত গোমধানৰ বীজ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই । উল্লেখ্য যে জিলা কৃষি বিভাগৰ সহযোগত ২৫০০ জন কৃষকে এইবাৰ ১ হাজাৰ হেক্টৰ কৃষি ভূমিত গোমধান খেতি কৰিবলৈ কৃষিভূমি প্ৰস্তুত কৰি উলিয়াইছে । এই উপলক্ষে কৃষকৰ মাজত গোমধানৰ বীজ বিতৰণ অনুষ্ঠানটো উদ্বোধন কৰি দিয়া ভাষণত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয়,"আমি কৃষিখণ্ড সমবিকাশত অধিক গুৰুত্ব আৰোপ কৰিছো । ৰাজ্যৰ অন্যান্য জিলাসমূহ যেনেদৰে আগবাঢ়িছে আমি তাতকৈ বেছি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব । আমি যিমান পাৰো কৃষক সকলক সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছো । আগতে কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ মাজত সম্বন্ধটো কিছু ব্যৱধান আছিল যদিও এতিয়া সেইটো নাইকিয়া হৈছে। আমি সকলোৱে এটা ছাতিৰ তলত থাকিব পাৰিলেহে আমাৰ সমবিকাশ হ'ব । জিলাখনৰ কৃষি ক্ষেত্ৰত আমোল পৰিৱৰ্তনৰ বাবে তিনিবছৰীয়া এক পৰিকল্পনা যুগুত কৰা হৈছে । বানবিধ্বস্ত জিলা হিচাপে বহু সমস্যাত থকাত কিছু লাহে লাহে কৰিব লগা হ'ব ।" উপায়ুক্ত ঋতুৰাজ বৰাই ৰাষ্ট্ৰীয় উদ্যান শস্যৰ বৰ্ডৰ তত্বাৱধানত মৰিগাঁৱৰ পৰা ২৫ জন কৃষকে বাংগালুৰুত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ যাব বুলি উল্লেখ কৰি অসম গ্ৰামীন বিকাশ বেংকে প্ৰায় দুই কোটি টকা আত্মসহায়ক গোট মাজত বিতৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় যদিও ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আত্মসহায়ক গোটসমূহক আহ্বান জনায় । ইফালে উপায়ুক্তগৰাকীয়ে মৰিগাঁৱত এফ চি আই গুদাম স্থাপনৰ বাবে অসম চৰকাৰৰ পৰা চিঠি লাভ কৰা, আচাম ষ্টেট অৱ হাউচিং কৰ্পৰেচনৰ পৰা জিলাখনত শীতলীকৰণ গৃহ স্থাপন আৰু মাটি পৰীক্ষণৰ বাবে এটা পৰীক্ষাগাৰ অসম চৰকাৰে অনুমোদন দিয়া বুলি ঘোষণা কৰাত উপস্থিত কৃষক সকলক উৎসাহিত হৈ পৰে ।

মৰিগাঁৱত দুই সহস্ৰাধিক কৃষকক উন্নত জাতৰ গোমধনৰ বীজ বিতৰণ

ঔজাৰী কৃষি ফাৰ্মৰ পৰিচালক দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা সভাখনত মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই জিলাখনত বৰো ধানৰ বিপৰীতে এটা কৃষিবৰ্ষত কৃষকসকলে তিনিটা খেতি কৰিব পৰাকৈ কৃষকসকলক প্ৰস্তুত কৰি তুলিবলৈ কৃষি বিভাগক আহ্বান জনায় । উক্ত বীজ বিতৰণী সভাত মৰিগাঁও জিলাৰ ভাৰপ্ৰাপ্ত কৃষি বিষয়া অৰূপ বৰা, দন্দুৱা জিলা পৰিষদৰ সদস্যা মাধুৰীমা গোস্বামী,জিলাখনৰ পথাৰ পৰিচালনা সমিতিসমূহৰ সভাপতি সম্পাদককে প্ৰমু্খ্য কৰি কৃষি বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷

আৰু পঢ়ক বকোত ৰাভা জনগোষ্ঠীয় কৃষ্টি নৃত্যৰ সাতদিনীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি

Intro:মৰিগাঁৱত ২৫০০ কৃষকক উন্নত জাতৰ গোমধনৰ বীজ বিতৰণৰ শুভাৰম্ভ মৰিগাঁও জিলা উপায়ুক্ত ঋতু ৰাজ বৰাই ।শনিবাৰৰ বীজবিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি উপায়ুক্তয়ে এগৰাকীয়ে বানাক্ৰান্ত জিলাখনৰ কৃষকসকলৰ সবলীকৰণৰ বাবে তিনিবছৰীয়া কৃষি আঁচনি পৰিকল্পনা যুগুতোৱা কৰাৰ বিষয়ে কৃষক সদৰীকৰে।Body:*পথাৰ পৰিচালনা সমিতি আৰু আত্মসহায়ক গোটৰ মাজত গোমধানৰ বীজ বিতৰণ*
শনিবাৰে মৰিগাঁৱত এফ চি আইৰ ভঁৰাল ,শীতলিকৰণ গৃহ আৰু মাটি পৰীক্ষণৰ পৰীক্ষাগাৰ স্থাপনত অসম চৰকাৰৰ অনুমোদন কৰাৰ বিষয়ে ৰাইজক অবগত কৰে উপায়ুক্ত ঋতুৰাজ বৰাই।
উল্লেখযোগ্য যে
অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে মৰিগাঁও কৃষি ক্ষেত্রত সৰ্বতোপ্ৰকাৰে উন্নয়নৰ বাবে অগ্ৰাধিকাৰৰ ভিত্তিত গুৰুত্ব প্ৰদান কৰা আৰু আশা ব্যঞ্জক ফলাফল বুলি আশা কৰে জিলা উপায়ুক্ত গৰাকীয়ে ।বিশেষকৈ বানাক্ৰান্ত কৃষক সবলীকৰণৰ পদক্ষেপৰ লগত সংগতি ৰাখি শনিবাৰে মৰিগাঁও জিলা কৃষি বিভাগে গোম ধান খেতিয়কৰ মাজত উন্নত জাতৰ বীজ বিতৰণৰ শুভাৰম্ভ কৰে। জিলা খনৰ ১৪ খন পথাৰ পৰিচালনা সমিতি আৰু আত্মসহায়ক গোটৰ মাজত গোমধানৰ বীজ বিতৰণৰ শুভাৰম্ভে কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। উল্লেখ্য যে জিলা কৃষি বিভাগৰ সহযোগত ২৫০০ জন কৃষকে এইবাৰ ১ হাজাৰ হেক্টৰ কৃষি ভূমিত গোমধান খেতি কৰিবলৈ কৃষিভূমি প্ৰস্তুত কৰি উলিয়াইছে। এই উপলক্ষে কৃষকৰ মাজত গোমধানৰ বীজ বিতৰণ অনুষ্ঠানটো উদ্বোধন কৰি দিয়া ভাষণত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয়-আমি কৃষিখণ্ড সমবিকাশত অধিক গুৰুত্ব আৰোপ কৰিছো। ৰাজ্যৰ অন্যান্য জিলা সমূহ যেনেদৰে আগবাঢ়িছে আমি তাতকৈ বেছি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। আমি যিমান পাৰো কৃষক সকলক সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছো। আগতে কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ মাজত সম্বন্ধটো কিছু ব্যৱধান আছিল যদিও এতিয়া সেইটো নাইকিয়া হৈছে। আমি সকলোৱে এটা ছাতিৰ তলত থাকিব পাৰিলেহে আমাৰ সমবিকাশ হব। জিলাখনৰ কৃষি ক্ষেত্রত আমোল পৰিৱৰ্তনৰ বাবে তিনিবছৰীয়া এক পৰিকল্পনা যুগুত কৰা হৈছে। বানবিধ্বস্ত জিলা হিচাপে বহু সমস্যা থকাত কিছু লাহে লাহে কৰিব লগা হব। উপায়ুক্ত ঋতুৰাজ বৰাই ৰাষ্ট্ৰীয় উদ্যান শস্যৰ বৰ্ডৰ তত্বাৱধানত মৰিগাঁৱৰ পৰা ২৫ জন কৃষকে বাংগালুৰুত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ যাব বুলি উল্লেখ কৰি অসম গ্ৰমীন বিকাশ বেংকে প্ৰায় দুই কোটি টকা আত্মসহায়ক গোট মাজত বিতৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় যদিও ইয়াক সঠিক ভাবে ব্যৱহাৰ কৰিবলৈ আত্মসহায়ক গোট সমূহক আহ্বান জনাই। ইফালে উপায়ুক্তগৰাকীয়ে মৰিগাঁৱত এফ চি আই গুদাম স্থাপনৰ বাবে অসম চৰকাৰৰ পৰা চিঠি লাভ কৰা, আচাম ষ্টেট ওৱে হাউচিং ক্ৰোপাৰেচনৰ পৰা জিলাখনত শীতলিকৰণ গৃহ স্থাপন আৰু মাটি পৰিক্ষণৰ বাবে এটা পৰীক্ষাগাৰ অসম চৰকাৰে অনুমোদন দিয়া বুলি ঘোষনা কৰাত উপস্থিত কৃষক সকলক উৎসাহিত হৈ পৰে। ঔজাৰী কৃষি ফাৰ্মৰ পৰিচালক দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা সভাখনত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা জিলাখনত বৰো ধানৰ বিপৰীতে বছৰতোত কৃষক সকলে তিনিটা খেতি কৰিব পৰাকৈ কৃষক সকলক প্ৰস্তুত কৰি তুলিবলৈ কৃষি বিভাগক আহ্বান জনাই। সভাত মৰিগাঁও জিলাৰ ভাৰপ্ৰাপ্ত কৃষি বিষয়া অৰূপ বৰা, দন্দুৱা জিলা পৰিষদৰ সদস্যা মাধুৰীমা গোস্বামী,জিলাখনৰ পথাৰ পৰিচালনা সমিতি সমূহৰ সভাপতি সম্পাদককে আদি কৰি কৃষি বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। bytesConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.