মৰিগাঁও, 14 আগষ্টঃ মৰিগাঁৱত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৷ শুক্ৰবাৰে মৰিগাঁও জিলা ছাত্ৰ সন্থাই বিতৰ্কিত আইন খনৰ প্ৰতিলিপি দাহৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই বিধায়কৰ লগতে দাহ কৰে ই আই ই খচৰাৰ প্ৰতিলিপি ৷ সংগঠনটোৰ প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দিয়াৰ লগতে কোনোপধ্যে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ ওপৰত জাপি দিব বিচৰা এই আইন মানি লোৱা নহ'ব বুলি স্পষ্ট ভাবে প্ৰকাশ কৰে ৷
উল্লেখ্য যে,কৰ’ণা মহামাৰীৰ বাবে বিগত বহুদিন ধৰি বন্ধ হৈ আছিল প্ৰতিবাদ ৷ কিন্তু লক ডাউনৰ শিথিলতাৰ পাচত ৰাজ্যত "কা" বিৰোধী আন্দোলন পুনৰ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃ শিঙৰা নদীৰ বিধ্বংসী বানে উটুৱাই নিলে তিনিজনক