ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত আছুৰ চাইকেল ৰেলী

author img

By

Published : Jul 25, 2021, 12:03 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ চাইকেল ৰেলী । তিনি শতাধিক ছাত্ৰ কৰ্মীয়ে চাইকেল ৰেলীৰে কঁপালে মৰিগাঁৱৰ ৰাজপথ ।

morigaon aasu cycle rally
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত আছুৰ চাইকেল ৰেলী

মৰিগাঁও, ২৫ জুলাই : ক'ভিডৰ (Covid) সংক্ৰমণ চলি থকাৰ মাজতেল ইন্ধনজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক । যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । এইবাৰ মৰিগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই (All Assam Student Union)।

ইন্ধনজাত সামগ্ৰী, মিঠাতেল, দাইলকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি (Price hike) ৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে পাঁচ শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে মৰিগাঁৱৰ ৰাজপথত বৃহৎ প্ৰতিবাদী চাইকেল ৰেলীৰ কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিৰ নেতৃত্বত মৰিগাঁও জিলাৰ ছাত্ৰ সন্থাৰ কৰ্মীয়ে চাইকেল ৰেলীৰ জৰিয়তে ইন্ধনজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ অসম চৰকাৰক দাবী জনায় । প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোডী হুচিয়াৰ, অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক, ইন্ধনজাত সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক ইত্যাদি শ্ল'গানেৰে মৰিগাঁও চহৰৰ ৰাজপথ উত্তাল কৰি তোলে ।

প্ৰতিবাদী কাৰ্য্যসূচীত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ (AASU) উপ-সভাপতি উৎপল শৰ্মাই ক্ষোভ উজাৰি কয় যে কৰ'ণাই বিধ্বস্ত কৰাৰ পিছত দুখীয়া মানুহে যেনে তেনে দুবেলা দুমুঠি খাই জীয়াই আছিল কিন্তু তাৰ পাছত এই মূল্যবৃদ্ধিৰ বাবে জীৱন নিৰ্বাহ কৰাতো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰিছে । চৰকাৰে ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ দিয়া বন্ধ কৰি স্কুটী দিয়া আৰম্ভ কৰিছে কিন্তু দিন হাজিৰা কৰা পিতৃ এজনে স্কুটীত ৮৭ টকাৰ পেট্ৰ'ল ভৰাব নে ঘৰ খনলৈ ১৫৫ টকা লিটাৰৰ মিঠাতেল কিনি আনিব বুলিও অ‍াছু নেতা জনে প্ৰশ্ন উত্থাপন কৰে ।

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নৱ নাথে কয় যে ‘পেট্ৰ'ল-ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে । সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ সোধাইছে । গাৱঁৰ ৰাইজে এবেলা এসাজ খাবলৈ চিন্তা কৰিব লগীয়া হৈছে কিন্তু চৰকাৰ শুই আছে ৷’

জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে কয়, ক'ভিডৰ ভয়াৱহতাৰ বাবে দ্বিতীয় বাৰৰ বাবে মৰিগাঁও জিলা কণ্টেইনমেন্ট জ'ন (Containment Zone) কৰা হ'ল, গাৱঁৰ সৰু সৰু দোকানী, ঠেলাৱালা, ৰিস্কাৱালাৰ পৰিয়ালে এসাজো নোখোৱাকৈ দিন অতিবাহিত কৰিছে, পথাৰত পানী নাই চিৰাল ফাট মেলিছে, কৃষকৰ খবৰ লওতা কোনো নাই । চৰকাৰ আছে নে নাই বুলিও তেওঁ প্ৰশ্ন কৰে । জিলা সম্পাদক ৰূপজ্যোতি মেধিয়ে কয় যে কৃষক ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ।

সেয়ে সৰ্বসাধাৰণ ৰাইজৰ কথা চৰকাৰে চিন্তা কৰক আৰু অসম চৰকাৰে সেইসকল লোকক আৰ্থিক সাহাৰ্য প্ৰদান কৰিব লাগে বুলিও দাবী কৰে ছাত্ৰ নেতাজনে । আনহাতে, অনাগত দিনত চৰকাৰ খনে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হ'লে পুনৰ ধাৰাবাহিকভাৱে আছুৱে (AASU) আন্দোলন কৰি যোৱাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক :অলিম্পিকলৈ কোন গৈছে মুখ্যমন্ত্ৰী আৰু বিমল বৰা নে লাভলীনা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.