ETV Bharat / state

মৰিগাঁৱত বানপানীৰ ফলত তিনিজনৰ অকাল মৃত্যু - হগলতলীৰ নিলেশ্বৰ বৰদলৈ

সংহাৰী বানত মৰিগাঁও জিলাত পৃথকে পৃথকে তিনিগৰাকী লোকে প্ৰাণ হেৰুৱায় ৷

মৰিগাঁৱত বানপানীৰ ফলত তিনিজনৰ অকাল মৃত্যু

author img

By

Published : Jul 17, 2020, 4:13 AM IST

মৰিগাঁও, 17 জুলাই : ৰাজ্যত অব্যাহত আছে বান বিভীষিকা ৷ প্ৰৱল বানৰ কৱলত পৰি বৃহস্পতিবাৰে প্ৰাণ হেৰুৱায় তিনিগৰাকীকৈ লোকে ৷ মৰিগাঁও জিলাত সংঘটিত হৈছে এই ঘটনা ৷

মৃত তিনিগৰাকী ব্যক্তি ক্ৰমে, মনহা বেলগুৰিৰ প্ৰভা ডেকা,হগলতলীৰ নিলেশ্বৰ বৰদলৈ আৰু গৰখীয়া ঢাপৰ বৰ্ণালী বিশ্বাস বুলি জানিব পৰা গৈছে ।

মৰিগাঁৱৰ মনহা বেলগুৰিত মহিলাগৰাকীৰ সলিল সমাধি ঘটে । জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰি নিৰ্বাসী পুতুল ডেকাৰ পত্নী প্ৰভা ডেকাই বৃহস্পতিবাৰে খোৱাপানী আনিবলৈ বেলেগৰ ঘৰত যাওঁতে বানত ডুব গৈ নিখোজ হৈ পৰে । পৰবৰ্তী সময়ত মহিলাগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে । একেদৰে পকৰীয়া মৌজাৰ তথা মায়ং আৰক্ষী থানাৰ অন্তৰ্গত গৰখীয়া ঢাপৰ নৃপেন বিশ্বাসৰ সাত বছৰীয়া কন্যা বৰ্ণালী বিশ্বাস বাঢ়নী পানীৰ সোঁতত পৰি অকাল মৃত্যুক সাৱতি লয় । এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । আনহাতে মৰিগাঁৱৰ সমীপবৰ্ত্তী হগলতলীৰ নাপিত বৰদলৈ পুত্ৰ নিলেশ্বৰ বৰদলৈ নামৰ যুৱকজনেও বানপানীত পৰি মৃত্যুক আকোৱালি লয় । মনকৰিবলগীয়া যে চলিত বানত জিলাখনৰ বিভিন্ন ঠাইত মুঠ চাৰিজনৰ প্ৰাণ কাঢ়ি নিয়ে বানপানীয়ে ।

লগতে পঢ়কঃ ৰাজ্যত বানৰ বিভীষিকা, ক্ষতিগ্ৰস্ত 35 লক্ষাধিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.