মৰিগাঁও, ১৩ অক্টোবৰ: এইবাৰ ছাত্ৰ বৃত্তিৰ ধনতো কোপদৃষ্টি। মৰিগাঁৱত ভাৰতীয় ষ্টেট বেংকৰ অধীনৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা হৰলুকি হ'ল সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বাবে আবণ্টিত ধন। লাহৰীঘাটৰ তুলসীবৰীস্থিত গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা জালিয়াতিৰে উলিয়াই নিলে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ নামত অনুমোদিত ধন।
জালিয়াতিৰে ধৰ সৰকোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলী জিন্নাহ, ৰুবুল আমিন আৰু টাইজুল ইছলাম নামৰ ৩জন লোকক। ধৃত আলী জিন্নাহৰ ঘৰ কাঠনি, ৰুবুল আমিনৰ ঘৰ জটিয়াবড়ী আৰু টাইজুল ইছলামৰ ঘৰ মিকিৰগাঁৱত। মঙলবাৰে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।