ETV Bharat / state

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া নাগৰিক সমাজৰ - মৈৰাবাৰী নাগৰিক সমাজৰ সহকাৰী সম্পাদক হিৰেণ শইকীয়া

জাগীৰোডৰ বিজেপি শান্তি সমদলত অংশ লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ নাগৰিক সমাজৰ ৷ লগতে অখিল গগৈক হেণ্ডকাফ লগাই গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা প্ৰসংগতো মত প্ৰকাশ সংবাদমেলত ৷

তীব্ৰ প্ৰতিক্ৰিয়া নাগৰিক সমাজৰ
তীব্ৰ প্ৰতিক্ৰিয়া নাগৰিক সমাজৰ
author img

By

Published : Dec 30, 2019, 4:40 AM IST

Updated : Dec 30, 2019, 9:56 AM IST

মৈৰাবাৰী, 29 ডিচেম্বৰ: মৰিগাঁও জিলাৰ জাগীৰোডৰ বিজেপি শান্তি সমদলত অংশ লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ নাগৰিক সমাজৰ ৷ এই সম্পৰ্কে আজি মৈৰাবাৰী নাগৰিক সমাজৰ সহকাৰী সম্পাদক হিৰেণ শইকীয়া, ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান, শিক্ষাবিদ ডেহিৰাম শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সহযোগত এখন সংবাদমেল অনুষ্ঠিত হয় ৷ তদুপৰি সংবাদমেলত অখিল গগৈক হেণ্ডকাৰ্ফ লগাই গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰি যি অমানৱিক মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিছে, তাক তেওঁলোকে তীব্ৰ গৰিহণা দিছে বুলিও মন্তব্য প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰেই তেওঁক বিনা স্বৰ্তে মুক্তি দিবলৈ দাবী জনায় ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া নাগৰিক সমাজৰ

ইয়োৰোপৰি এই সংবাদমেলত নাগৰিক সমাজৰ সহকাৰী সম্পাদক হিৰেণ শইকীয়াই প্ৰকাশ কৰে যে, মৈৰাবাৰীত আজিলৈ কোনো ধৰণৰ সাম্প্ৰদায়িক বেমেজালিৰ সৃষ্টি হোৱা নাই ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৈৰাবাৰীক লৈ এক দুৰ্নাম আনিছে, যিটো অতিকৈ দুখৰ বিষয় ৷ এই মন্তব্য কৰাসকলক এবাৰ মৈৰাবাৰী অঞ্চললৈ আহি সেই অঞ্চলত বিৰাজমান সম্প্ৰীতি চাই যাবলৈয়ো আহ্বান জনায়, নাগৰিক সমাজৰ সহকাৰী সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়ক: প্ৰিয়ংকা আৰু ৰাহুল নিচাসক্তঃ সাধ্বী প্ৰাচী

Intro:মৈৰাবাৰীৰ নাগৰিক সমাজৰ প্ৰতিক্রিয়া সংবাদ মেলBody:SLUG - MOIRABARI HIMANTA SPEECH REACTION.

মৰিগাঁও জিলাৰ জাগীৰোডত মন্ত্ৰী হিমন্তই দিয়া সাম্প্ৰতিক মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত। মৈৰাবাৰীত নাগৰিক সমাজৰ তীব্ৰ প্ৰতিক্ৰিয়া।

মৰিগাঁও জিলাৰ জাগীৰোডৰ বিজেপি শান্তি সমদলত অংশ লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্যত জ্বলিছে অসম।মৈৰাবাৰী নাগৰিক সমিতিৰ হৈ শিক্ষাবিদ ডেহিৰাম শইকীয়া, জেষ্ঠ নাগৰিক হীৰেণ শইকীয়া আৰু ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ তীব্ৰ সমালোচনা মন্ত্ৰী হিমন্তক। মৰিগাঁৱৰ মৈৰাবাৰী, লাহৰীঘাট, আৰু নগাঁও জিলাৰ ৰূপহীৰ দৰে মুছলমান বসতি প্ৰধান অঞ্চলত হিন্দুলোকে কান্দি থকা বুলি কৰা মন্তব্য ভিত্তিহীন। কোনো কালে এই অঞ্চলবোৰত হিন্দু মুছলমানৰ সংঘাট হোৱা নাই। তাৰ দৃষ্টান্ত আছে মৈৰাবাৰীত। তদুপৰী কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ আৰু নিৰ্যাতন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৰে নাগৰিক সমিতিয়ে। আনহাতে সন্দেহজনক নাগৰিক বুলি নিৰিহ লোকক উচ্ছেদ কৰা কাৰ্যও বন্ধ কৰিবলৈ আহ্বান জনাই নাগৰিক সমিতিৰ হৈ ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে।

Byte - 1. HIREN SAIKIA Byte 2. Ex MLA MOJIBUR RAHMANConclusion:
Last Updated : Dec 30, 2019, 9:56 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.