ETV Bharat / state

Mock Drill in Saran Beel:মৰিগাঁৱৰ চাৰণ বিলত উদ্ধাৰ অভিযানৰ অনুশীলন - Mock Drill at Morigaon Saran Beel

চাৰণ বিলত উদ্ধাৰ অভিযানৰ অনুশীলন আৰম্ভ হৈছে (Morigaon Saran Beel)। তিনিদিনীয়া অনুশীলনত এছ ডি আৰ এফৰ জৰিয়তে কেনেকৈ বানৰ সময়ত আৰ্তজনক সহায় কৰা হয় সেই বিষয়ে ৰাইজক অৱগত কৰা হয় ।

Morigaon Saran Beel
মৰিগাঁৱৰ চাৰণ বিলত অনুশীলন
author img

By

Published : Mar 30, 2023, 11:32 AM IST

মৰিগাঁৱৰ চাৰণ বিলত অনুশীলন

মৰিগাঁও, ৩০ মাৰ্চ: আগন্তুক বানৰ সময়ত বা দুৰ্যোগৰ সময়ত যাতে সফলভাৱে ৰাইজক উদ্ধাৰ কৰিব পৰা যায় তাৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰ্যায়ত মৰিগাঁৱৰ চাৰণ বিলত অনুষ্ঠিত হয় উদ্ধাৰ অভিযানৰ এক অনুশীলন (Mock Drill at Morigaon Saran Beel)। বুধবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ অন্তৰ্গত দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত মৰিগাঁৱৰ চাৰণ বিলত দুৰ্যোগৰ সময়ত তথা বানৰ সময়ত দুৰ্গতসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত এছ ডি আৰ এফ, এন ডি আৰ এফৰ লগতে পেৰামেডিকেল দল, জনস্বাস্থ্য় কাৰিকৰী বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলৰ তিনিদিনীয়া অনুশীলন আৰম্ভ হৈছে (SDRF) ।

মৰিগাঁও চাৰণবিলৰ পাৰত বুধবাৰে হঠাৎ লাগিল হুলস্থূল ৷ অস্বাভাৱিক হৈ পৰিল পৰিৱেশ (Disaster Management Department) ৷ পিছে কিয় এনে পৰিস্থিতি হ'ল তাক লৈ ৰাইজৰ মাজত হুৱাদুৱা লাগিল । মৰিগাঁও ৰাজ্য়িক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে তিনিদিনায়াকৈ আৰম্ভ হোৱা এই অনুশীলনৰ বিষয়ে ৰাইজে কিছুসময় পিছতহে জানিব পাৰে । কালি মৰিগাঁও চাৰণ বিলত এছ ডি আৰ এফৰ জৰিয়তে কেনেকৈ বানৰ সময়ত আৰ্তজনক সহায় কৰা হ'ব তাক লৈ এই সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

এই অনুশীলন কাৰ্যসূচীৰ অংশ হিচাপে ১১টা শিশু, এগৰাকী গৰ্ভৱতী মহিলা, বৃদ্ধকে ধৰি চাৰণ বিলৰ সিটো পাৰৰ দুৰ্গত লোকসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানত ৰাখি পৰৱৰ্তী সময়ত আন আন বিভাগে ল'বলগা ব্যৱস্থা গ্ৰহণ কৰে । মৰিগাঁও জিলা উপায়ুক্তৰ তত্ত্বাৱধানত আৰম্ভ হৈছে এই সজাগতা শিবিৰ ৷

এই সজাগতা শিবিৰত মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়, গোট, স্বেচ্ছাসেৱী অনুষ্ঠান আদিক দিয়া হয় জৰুৰীকালীন সময়ত ল'বলগীয়া ব্যৱস্থাৰ বিষয়ে প্ৰশিক্ষণ ৷ এই সমগ্ৰ কাৰ্যসূচীৰ পৰিকল্পিতভাৱে ৰাইজক সচেতন কৰিবলৈ কৰা হৈছিল যদিও চাৰণ বিলৰ পাৰবাসী কিছু সময় আচম্বিত হৈ পৰে । অৱশেষত বিষয়টো জানিব পাৰি পৰিস্থিতি স্বাভাৱিক হয় ৷ এই কাৰ্যসূচীত মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মা, অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস, মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হৃদয় কুমাৰ দাস, অগ্নি নিৰ্বাপণ বাহিনীৰ বিষয়া লগতে এন ডি আৰ এফৰ বিষয়া আৰু বহুকেইগৰাকী সমল ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:Assam Assembly Budget Session 2023 : বিধানসভাত ৰকিবুল-হিমন্তৰ খণ্ড যুদ্ধত বিশেষ চৰ্চা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.